মাৰ্ঘেৰিটা, ১৩ ফেব্ৰুৱাৰী: উখল-মাখল তিনিতুকীয়া জিলাৰ মাৰ্ঘেৰিটা । নৃত্য-গীতৰ সমাহাৰেৰে অনুষ্ঠিত চিংফৌসকলৰ জাতীয় উৎসৱ স্বপং য়ং মানাও পয় । উত্তৰ-পূৱৰ অন্যতম সুসংঠিত-বৰ্ণময়-ক্লাছিক নৃত্য প্ৰধান উৎসৱ স্বপং য়ং মানাও পয় ৷ শনিবাৰৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ ইনথেম মুংগং বৌদ্ধ বিহাৰ প্ৰাংগণত উদযাপন কৰা হৈছে ৩৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চিংফৌ জাতীয় উৎসৱ স্বপং য়ং মানাও পয় ৷
স্বপং য়ং মানাও পয়ত অসম-অৰুণাচলৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিব । অসম-অৰুণাচলৰ পৰা অহা চিংফৌসকলৰ আগমনে সমাজৰ সাতামপুৰুষীয়া ভাতৃত্ববোভক অধিক শক্তিশালী কৰি তুলিছে । প্ৰায় ২৫ লাখ টকাৰ বাজেটেৰে এই উৎসৱটি অনুষ্ঠিত কৰা হৈছে ।