অসম

assam

ETV Bharat / state

ডুমডুমাত অশ্ব ডিম্বত পৰিণত স্বচ্ছ ভাৰত আঁচনি - Dumduma Municipality Board

ডুমডুমা চহৰৰ সমীপৰ 8 নং চুকৰেটিঙত পৰিলক্ষিত হৈছে কদৰ্যময় ৰূপ ৷ চহৰখনৰ সমস্ত আৱৰ্জনা গোটাই পথৰ সমীপতে পৌৰসভাই জমা কৰাৰ ফলত সৃষ্টি হৈছে এই পৰিৱেশ ৷ ডুমডুমা চহৰবাসীয়ে শীঘ্ৰে জিলা প্ৰশাসনক এই সমস্যাৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে ৷

swach bharat schem became valuless in dumduma tinsukia assam etv bharat news
ডুমডুমাত কদৰ্যময় পৰিৱেশ

By

Published : Sep 11, 2020, 8:12 PM IST

নলবাৰী,11 ছেপ্তেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত আঁচনিয়ে আজিকোপতি ঢুকি পাবলৈ সক্ষম হোৱা নাই তিনিচুকীয়াৰ ডুমডুমা চহৰক ৷ শেহতীয়াকৈ ৰাজ্যৰ দুই চহৰ তেজপুৰ আৰু যোৰহাটে স্বচ্ছ ভাৰত আঁচনিৰ অধীনত দেশৰ স্বচ্ছ চহৰৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ বিপৰীতে তিনিচুকীয়াৰ ডুমডুমা চহৰত দেখা যায় এক বিপৰীত ছবি ৷ ডুমডুমা-ফিল’বাৰী সংযোগী পথৰ 8নং চুকৰেটিঙত চহৰখনৰ সমস্ত আৱৰ্জনা গোটাই পথৰ সমীপতে জমা কৰিছে স্থানীয় পৌৰসভাই ৷ যাৰ ফলত উক্ত অঞ্চলত সৃষ্টি হৈছে এক কদৰ্যময় পৰিৱেশ ৷ উক্ত অঞ্চলত কেইবাখনো বিদ্যালয়কে ধৰি বহুসংখ্যক ধৰ্মীয় মঠ-মন্দিৰ আছে ৷ ডুমডুমা পৌৰসভাৰ এই কাৰ্যত যথেষ্ঠ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

ডুমডুমাত কদৰ্যময় পৰিৱেশ

ইফালে দিনকদিনে বৰ্ধিত জাৱৰৰ দম পথৰ মাজলৈকে অহাত অসুবিধা সৃষ্টি হৈছে পথচাৰীৰ মাজত ৷ জাৱৰৰ পৰা নিৰ্গত উৎকট গোন্ধে অঞ্চলটোৰ পৰিৱেশ দূষিত কৰিছে যদিও এইক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা নাই পৌৰসভাই ৷ ডুমডুমা চহৰবাসীয়ে শীঘ্ৰে জিলা প্ৰশাসনক এই সমস্যাৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে ৷

লগতে চাওকঃকৰ’ণা সংক্ৰমণৰ মাজতে পালন চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

ABOUT THE AUTHOR

...view details