তিনচুকীয়া, 14 ছেপ্তেম্বৰ : অৱশেষত কাকপথাৰত মূণ্ডহীন অৰ্ধ উলংগ অৱস্থাত ডুমডুমা বনাঞ্চলৰ গভীৰ জংঘলত উদ্ধাৰ কৰা হয় সন্ধানহীন হৈ থকা নাবলিকাৰ মৃতদেহ ৷ ৰাইজৰ সহযোগত তিনিচুকীয়া জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা বৃহৎ দলৰ অভিযানত উদ্ধাৰ কৰিবলৈ সক্ষম হয় নাবালিকা গৰাকীক ৷ ঘন বনাঞ্চলত ক্ষত-বিক্ষত,মুণ্ডহীন আৰু অৰ্ধ-উলংগ অৱস্থাত উদ্ধাৰ কৰা হয় নাবালিকা গৰাকীক ৷
উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ কাকপথাৰৰ টঙনাৰ হুলুং লাইনৰ পৰা নাবালিকা গৰাকী শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ থকাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল সমগ্ৰ অঞ্চলটোত ৷ তৃতীয় শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী গৰাকীক ঘৰৰ ওচৰৰে বাদনা গোৱালা নামৰ যুৱকজনে কাষৰ ডুমডুমা বনাঞ্চললৈ নি বলাৎকাৰ কৰি হত্যা কৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছিল ৷
ঘটনাৰ পিচতে অভিযুক্ত বাদনা গোৱালক আৰক্ষীয়ে আটক কৰি সোধ পোচ অব্যাহত ৰাখিছিল ৷ অভিযুক্তই কিশোৰী গৰাকীক হত্যা কৰিছে বুলি আৰক্ষীক অৱগত কৰিছে যদিও বলাৎকাৰ কৰি হত্যা কৰাৰ বিষয়টো স্পৰ্ষ্টকৈ প্ৰকাশ কৰা নাছিল ৷