তিনিচুকীয়া, 15 ডিচেম্বৰ : বৃহস্পতিবাৰে সন্ধিয়া যোৰহাটত ভাৰতীয় সেনাৰ চাউনীত নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বা)ই গ্ৰেণেড বিস্ফোৰণ সংঘটিত কৰাৰ পাছতে শুকুৰবাৰে তিনিচুকীয়াত এক বোমাৰ আতংকৰ সৃষ্টি হয় ৷ শুকুৰবাৰে দিনৰ ভাগত তিনিচুকীয়াৰ লংকেশ্বৰ গোহাঁই নগৰৰ পথত এটা হস্তনিৰ্মিত গ্ৰেণেড পৰি থকা বুলি খবৰ বিয়পি পৰাৰ পাছতে স্থানীয় ৰাইজৰ লগতে আৰক্ষীৰ মাজতো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ কিয়নো লংকেশ্বৰ গোঁহাই নগৰৰ পৰা প্ৰায় এক কিল’মিটাৰ দূৰত্বত লাইপুলি সেনা চাউনীটো অৱস্থিত ৷
উল্লেখ্য যে, 22 নৱেম্বৰৰ সন্ধিয়া তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক কপাহতলীত ভাৰতীয় সেনাবাহিনীৰ চাউনীৰ সন্মুখত নিষিদ্ধ ঘোষিত সংগঠনটোৱে গ্ৰেণেড বিস্ফোৰণ কৰিছিল ৷ ইয়াৰ পাছতে ক্ৰমে শিৱসাগৰ আৰু বৃহস্পতিবাৰে যোৰহাটৰ সেনা চাউনীত বিস্ফোৰণ সংঘটিত কৰে আলফা (স্বা) ই ৷ গতিকে আজিও তিনিচুকীয়াৰ পথত গ্ৰেণেড উদ্ধাৰ হোৱা বুলি উলোৱা খবৰে আতংকিত কৰি তোলে সকলোকে ৷
কিন্তু লংকেশ্বৰ গোঁহাই নগৰত গ্ৰেণেড প্ৰত্যক্ষ কৰা বুলি আৰক্ষীয়ে খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত ততাতৈয়াকৈ তিনিচুকীয়াৰ শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ বৃহৎ দল উপস্থিত হয় ৷ প্ৰথম পৰ্যায়ত সেয়া এক হস্তনিৰ্মিত গ্ৰেণেড বুলি সন্দেহ প্ৰকাশ কৰা হৈছিল যদিও আৰক্ষীয়ে সন্দেহজনক হস্তনিৰ্মিত গ্ৰেণেডটো পৰীক্ষা-নিৰীক্ষা কৰি সেয়া গ্ৰেণেড নহয় বুলি স্পষ্ট কৰে ৷
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি সেয়া কোনো দুৰ্বৃত্তই জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ অথবা কাৰোবাক ভয় খুৱাবলৈ সাধাৰণ আতচবাজীত ব্যৱহৃত বাৰুদেৰে এটা গ্ৰেণেডৰ দৰে আৱৰণ দি প্ৰস্তুত কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ অৱশ্যে ৰাজ্যৰ তিনিটাকৈ স্থানত আলফা (স্বা) এ গ্ৰেণেড বিস্ফোৰণ সংঘটিত কৰাৰ মাজতে তিনিচুকীয়াৰ দৰে এখন স্পৰ্শকাতৰ জিলাত কোনে এনেদৰে, এনে কাৰ্য কৰিবলৈ মৰসাহ কৰিলে সেয়া পোহৰলৈ অহা নাই ৷
লগতে পঢ়ক :যোৰহাটৰ বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা(স্বা)ৰ