অসম

assam

By

Published : May 16, 2021, 8:48 PM IST

ETV Bharat / state

টিংৰাই কাণ্ডত জড়িতৰ সন্দেহত আটকাধীন যুৱকক বিনাচৰ্তে মুকলিৰ দাবী ৰাইজৰ

ডিগবৈ বোমা বিস্ফোৰণৰ ঘটনাত জড়িতৰ সন্দেহত আটকাধীন যুৱকক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবীত ডিগবৈ বিধায়ক সুৰেন ফুকনৰ বাসগৃহত শতাধিক ৰাইজ সমবেত । বিনাচৰ্তে মুকলি কৰি নিদিলে তীব্ৰ আন্দোলনৰ হুংকাৰ তামুলী বনগাঁৱৰ স্থানীয় ৰাইজৰ ।

suspected-yoth-involving-of-bomb-blast-incident-people-demand-release-unconditionally
ডিগবৈ বোমা বিস্ফোৰণৰ সন্দেহত আটকাধীন যুৱকক বিনাচৰ্তে মুকলিৰ দাবী স্থালীয় ৰাইজৰ

তিনিচুকীয়া, 16 মে': ডিগবৈ টিংৰাইত বোমা বিস্ফোৰণৰ ঘটনাত জড়িত বুলি সন্দেহ কৰি নাজিৰাটিং তামুলী বনগাঁৱৰ দিপেন শইকীয়া (২৮) নামৰ যুৱকজনক আটক কৰিছিল ডিগবৈ আৰক্ষীয়ে । ডিগবৈ আৰক্ষী থানাত যুৱক জনক আটক কৰি ডি আই জি জিৎমল দলে, তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক এন ভি চন্দকানসহ জিলাৰ কেইবাগৰাকী আৰক্ষী বিষয়াই উপস্থিত হৈ সোধপোছ অব্যাহত ৰাখিছিল আৰু বৰ্তমানলৈকে আটক কৰা যুৱক জনৰ পৰা কি তথ্য লাভ কৰিছে সেই বিষয়ে সাংবাদিক সকলক মন্তব্য দিয়াৰ পৰা বিৰত আছিল ।

ডিগবৈ বোমা বিস্ফোৰণৰ সন্দেহত আটকাধীন যুৱকক বিনাচৰ্তে মুকলিৰ দাবী স্থালীয় ৰাইজৰ

ইফালে আটকাধীন দিপেন শইকীয়াক নিদোৰ্ষী বুলি দাবী কৰি নাজিৰাটিং তামুলী বনগাঁৱৰ ৰাইজে ডিগবৈ থানাত প্ৰৱেশ কৰি বিনাচৰ্তে মুকলি কৰি দিবলৈ প্ৰশাসনক দাবী জনায় । অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি সকিয়াই দিয়ে তামুলী বনগাঁৱৰ স্থানীয় ৰাইজে । কিছু সময়ৰ পিছতেই ৰাইজে ডিগবৈ থানাৰ পৰা ওলাই আহি লগে লগেই তামুলী গাঁৱৰ স্থানীয় ৰাইজে ডিগবৈ বিধায়কৰ ঘৰত উপস্থিত হৈ যুৱকজনক বিনাচৰ্তে মুকলি কৰি দিবলৈ তীব্ৰ হেচা প্ৰয়োগ কৰে ।

ডিগবৈ বোমা বিস্ফোৰণৰ সন্দেহত আটকাধীন যুৱকক বিনাচৰ্তে মুকলিৰ দাবী স্থালীয় ৰাইজৰ

সুৰেন ফুকনৰ বাসগৃহতে বিস্ফোৰণস্থলীত নিহত হোৱা দুই যুৱকদ্বয়ৰ এককালীন আৰ্থিক সাহায্য হিচাপে পাঁচ লাখ টকা ঘোষণা কৰাৰ হেতুকে সাহাৰ্য আগৱঢ়াবলৈ উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীও, বিধায়ক সুৰেন ফুকনৰ বাসগৃহত থকাৰ সময়তে প্ৰায় শতাধিক পুৰুষ মহিলাই বিধায়কৰ বাসগৃহত উপস্থিত হৈ সন্দেহত আটকাধীন নিৰপৰাধী যুৱকজনক বিনাচৰ্তে মুকলি কৰি দিবলৈ দাবী জনায় ৷ অন্যথা ৰাইজে তীব্ৰ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে । প্ৰায় এঘন্টাৰ অন্তত ৰাইজৰ হেচাঁত সন্দেহত আটক কৰা যুৱক দিপেন শইকীয়াক আৰক্ষীৰ জিম্মাৰ পৰা মুকলি কৰি দিবলৈ বাধ্য হয় ৷

লগতে পঢ়ক :ফলাফল ঘোষণাৰ এপষেকৰ পিছতো চূড়ান্ত হোৱা নাই বিৰোধী দলপতিৰ নাম

ABOUT THE AUTHOR

...view details