মাৰ্ঘেৰিটা, ২ ডিচেম্বৰ: অসম দিৱসৰ দিনাই মাৰ্ঘেৰিটাত চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি স্থাপনস্থলীৰ ভূমি পূজন সম্পন্ন কৰা হয় । মাৰ্ঘেৰিটা মহকুমা হিলভিউত চুকাফা পুৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপনৰ কৰা হ'ব । আজি মাৰ্ঘেৰিটাৰ মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাসে বন্তি প্ৰজ্বলনেৰে আজিৰ ভূমি পূজন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই ব্যক্তিগত পুঁজিৰে চুকাফাৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে বিধায়কগৰাকীৰ প্ৰতিনিধি দিচেন টিপমিয়াই ।
মাৰ্ঘেৰিটাত চুকাফাৰ প্ৰতিমূৰ্তি স্থাপনস্থলীৰ ভূমি পূজা সম্পন্ন - আজি সমগ্ৰ ৰাজ্যবাসীয়ে
আজি সমগ্ৰ ৰাজ্যবাসীয়ে স্মৰণ কৰিছে বৰ অসমৰ ভেঁটি গঢ়োতা চাওলুং চুকাফাক । মাৰ্ঘেৰিটাত অসম দিৱসৰ পৱিত্ৰ ক্ষণত চুকাফাৰ প্ৰতিমূৰ্তি স্থাপনস্থলীৰ ভূমি পূজা সম্পন্ন কৰা হয় । মাৰ্ঘেৰিটা মহকুমা হিলভিউত স্থাপন কৰা হ'ব চাওলুং চুকাফাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি ।
মাৰ্ঘেৰিটাত চুকাফাৰ প্ৰতিমূৰ্তি স্থাপনস্থলীৰ ভূমি পূজা সম্পন্ন
মাৰ্ঘেৰিটাত বৰ অসমৰ ভেঁটি গঢ়োতা চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি স্থাপন কৰাক লৈ আনন্দিত হৈ পৰিছে স্থানীয় ৰাইজ । চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি স্থাপনে মাৰ্ঘেৰিটাত বাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীলৈ সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিব বুলি আশাবাদী মাৰ্ঘেৰিটাবাসী ।
লগতে পঢ়ক:দক্ষিণ শালমাৰাত জবকাৰ্ডৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ