অসম

assam

By

Published : Mar 17, 2020, 11:20 AM IST

ETV Bharat / state

ডুমডুমাত চিপ লোৱা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

ডুমডুমাৰ ৰূপবনত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা । গছত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ ৷ ঘটনাৰ প্ৰকৃত সত্য বৰ্তমানলৈকে প্ৰকাশ হোৱা নাই ৷

Suicide case Dumduma Tinsukia Assam etv bharat news
চিপ লোৱা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

ডুমডুমা,17 মাৰ্চঃতিনিচুকীয়া জিলাৰডুমডুমাৰ ৰূপবন অঞ্চলত পথৰ কাষৰ এজোপা বগৰী গছত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ ৷ চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । মঙলবাৰে পুৱা স্থানীয় ৰাইজে যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ।

চিপ লোৱা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

ঘটনাৰ বিৱৰণী অনুসৰি,যুৱকজন স্থানীয় ডিয়ামুলী চাহ বাগিচাৰ অনিল বুলি চিনাক্ত কৰে ৰাইজে । ঘটনা সংঘটিত হোৱা স্থানত AR-11-6210 নম্বৰৰ এখন ৰঙা ৰঙৰ মটৰ চাইকেল উদ্ধাৰ কৰা হৈছে । যুৱকজনৰ ভৰিদুখন মাটিত লাগি থকালৈ প্ৰত্যক্ষ কৰি সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। এয়া এক হত্যা নে আত্মহত্যা সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে ৰাইজৰ মনত ৷ আৰক্ষীৰ তদন্তৰ পাছতে সমগ্ৰ ঘটনাটো পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷

লগতে চাওকঃমানকাচৰত এজন লোক কৰ'ণআ ভাইৰাছত আক্ৰান্তৰ সন্দেহ

ABOUT THE AUTHOR

...view details