ডুমডুমা, ১২ মে': তিনিচুকীয়া জিলাৰ তালাপৰ আৰক্ষী চকীৰ অন্তৰ্গত ককৰাতলি মঙলবাৰে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ । ঘটনাস্থলীত তালাপ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে ৩৪ বছৰীয়া যুৱকজনৰ মৃতদেহ । যুৱকজন ককৰাতলিৰ অধিৰ দেৱনাথৰ পুত্ৰ বিজু দেৱনাথ বুলি জানিব পৰা গৈছে ।
প্ৰাপ্ত তথ্য অনুসৰি, পৰিয়ালৰ লোকৰ সকলো সদস্যই পুৱাই মহামাৰী কৰ'ণা প্ৰতিষেধক গ্ৰহণ কৰিবলৈ গৈছিল । সেই ছেগতে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ঘৰৰ দুৱাৰত চিপ লৈ আত্মহত্যাৰ পথ বাছি লয় যুৱকজনে ।