অসম

assam

ETV Bharat / state

শিক্ষাৰ্থীৰ প্ৰতিবাদত উত্তাল তিনিচুকীয়া মহাবিদ্যালয় - Assam govt school controversy

নামভৰ্তিৰ মাচুল বৃদ্ধি কৰাৰ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিল ছাত্ৰ সমাজ (College admission fees increased)। মাচুল বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী শিক্ষাৰ্থীৰ । অনাগত দিনত তীব্ৰ আন্দোলনৰ হুংকাৰ ।

protest
শিক্ষাৰ্থীৰ প্ৰতিবাদত উত্তাল তিনিচুকীয়া মহাবিদ্যালয়

By

Published : Aug 26, 2022, 6:05 PM IST

তিনিচুকীয়া,২৬ আগষ্ট : ৰাজ্যত চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ক লৈ বিতৰ্ক অব্যাহত আছে (Assam govt school controversy)। চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰিবলৈ চেষ্টা কৰা বুলি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদ অব্যাহত আছে । তাৰ মাজতে শিক্ষাৰ্থীৰ প্ৰতিবাদত উত্তাল হ'ল তিনিচুকীয়া মহাবিদ্যালয়ৰ চৌহদ (Tinsukia college protest)।

শিক্ষাৰ্থীৰ প্ৰতিবাদত উত্তাল তিনিচুকীয়া মহাবিদ্যালয়

নামভৰ্তিৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ আহ্বান মৰ্মে ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনৰ মাচুল বৃদ্ধিৰ সিদ্ধান্তৰ বিৰুদ্ধে তিনিচুকীয়া মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Students protest at Tinsukia)। প্ৰতিবাদৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুক মাচুল বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায় ।

শিক্ষাৰ্থীসকলে জনোৱা মতে তিনিচুকীয়া মহাবিদ্যালয়ত বিভিন্ন প্ৰান্তৰ পৰা অতি দৰিদ্ৰ পৰিয়ালৰ লগতে মধ্যবিত্ত শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে মনত বহু সপোন লৈ নামভৰ্তি কৰিবলৈ আহে । কিন্তু নামভৰ্তিৰ মাচুল বৃদ্ধিৰ লগে লগে বহু শিক্ষাৰ্থী বঞ্চিত হ'ব বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলে ।

সেয়েহে শেহতীয়াকৈ অসম চৰকাৰে নামভৰ্তিৰ মাচুল বৃদ্ধি কৰা সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে ছাত্ৰ সমাজে । আনহাতে এনে সিদ্ধান্ত অতি শীঘ্ৰে বাতিল নকৰিলে অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে তিনিচুকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে । যিটো সময়ত চৰকাৰে ব্যক্তিগত শিক্ষানুষ্ঠানক ৰঙা দলিচা পাৰি দিছে তেনে সময়তে চৰকাৰী শিক্ষানুষ্ঠানৰ প্ৰতি চৰকাৰৰ অদূৰদৰ্শী সিদ্ধান্তক বহুতে সমালোচনা কৰিছে ।

লগতে পঢ়ক :কংগ্ৰেছ এৰি বিজেপিলৈ নাযায় অংকিতা দত্ত

ABOUT THE AUTHOR

...view details