অসম

assam

ETV Bharat / state

বৰ্ধিত মাছুলক লৈ প্ৰতিবাদ: আঁঠু লৈ শিক্ষয়িত্ৰীয়ে খুজিলে ক্ষমা - heated situation in phillobari junior college

বৰ্ধিত মাছুল(Fees)ক কেন্দ্ৰ কৰি এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ ৰাজপথ অৱৰোধ কৰি শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ(Protest) । লগতে একাংশ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি কৰা কটু মন্তব্যক লৈ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ সন্মুখত আঁঠু লৈ ক্ষমা খুজিলে শিক্ষানুষ্ঠানখনৰ এগৰাকী শিক্ষয়িত্ৰীয়ে ৷ ক’ত সংঘটিত হৈছে ঘটনা, অধিক জানিবলৈ সবিশেষ পঢ়ক...

students-of-phillobari-senior-secondary-school-protest
বৰ্ধিত মাছুলক লৈ প্ৰতিবাদ

By

Published : Oct 15, 2021, 2:08 PM IST

শদিয়া, 15 অক্টোবৰ : ফিল’বাৰী অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ফিল’বাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়(Phillobari Senior Secondary School)ৰ প্ৰাংগনত সংঘটিত হৈছে এক উত্তপ্ত পৰিস্থিতিৰ ৷ মূলতঃ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ নামত বিদ্যালয় কৰ্তৃপক্ষ আৰু পৰিচালনা সমিতিয়ে মিলি অত্যাধিক মাছুল সংগ্ৰহ কৰাৰ প্ৰসংগক লৈ বিগত কিছুদিনৰে পৰা বিদ্যালয়খনৰ ভিতৰচ’ৰাত বিৰাজ কৰি আহিছিল এক অৰাজকতাই ৷

তাৰেই যেন বহিঃপ্ৰকাশ ঘটিল সদ্য প্ৰাদেশীকৃত বিদ্যালয়খনৰ চৌহদত ৷ ফিল’বাৰী কনিষ্ঠ মহাবিদ্যালয় হিচাপে পৰিচিত এই শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই নামভৰ্তিৰ ক্ষেত্ৰত অজুহাত দেখুৱাই ছাত্ৰ-ছাত্ৰীৰ পৰা বৰ্ধিত মাছুল সংগ্ৰহ কৰে ৷ ইয়াৰ বিৰুদ্ধে মহাবিদ্যালয়ৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৷

বৰ্ধিত মাছুলক লৈ প্ৰতিবাদ

জানিব পৰা মতে, বৰ্ধিত মাছুল দিব নোৱাৰাৰ বাবেই অঞ্চলটোৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনত বহু দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হোৱাৰ আশংকাই দেখা দিছে ৷ ফিল’বাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই নামভৰ্তিৰ অজুহাতত বৰ্ধিত মাছুল সংগ্ৰহ কৰাৰ অভিযোগ ইতিমধ্যেই উত্থাপন কৰি আহিছিল মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই ৷

বৰ্ধিত মাছুলক লৈ প্ৰতিবাদ

ইয়াৰোপৰি, অঞ্চলটোৰ ছাত্ৰ সংগঠন আছু(AASU), AJYCP, মৰাণ ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, TMK আদি ছাত্ৰ সংগঠনে বহুদিনৰে পৰা মহাবিদ্যালয় কৰ্তৃপক্ষৰ বৰ্ধিত মাছুল গ্ৰহণৰ কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰি আহিছিল ৷ কিন্তু ছাত্ৰ সংগঠন কেইটাৰ কথাৰ প্ৰতি কোনো কাণসাৰ নিদি বিদ্যালয় কৰ্তৃপক্ষই পৰিচালনা সমিতিৰ সৈতে একচেটিয়াভাৱে মিলি উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ দুয়োটা বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ মূৰত ওপৰত বলপূৰ্বকভাৱে জাপি দিছিল অতিৰিক্ত মাছুল ৷

বৰ্ধিত মাছুলক লৈ প্ৰতিবাদ

এনেদৰে 3000 টকা পৰ্যন্ত মাছুল দিবলগীয়া হোৱাত বিদ্যালয়খনৰ ছাত্ৰ একতা সভাই প্ৰতিবাদ কৰিবলৈ বাধ্য হৈ পৰে ৷ ইফালে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ কৰি থকাৰ সময়তে নিৰদা বৰা নামৰ মহাবিদ্যালয়খনৰ এগৰাকী শিক্ষয়িত্ৰীয়ে একাংশ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি কটু মন্তব্য কৰা বুলি আন এক অভিযোগ উত্থাপন হৈছে ৷

বৰ্ধিত মাছুলক লৈ প্ৰতিবাদ

শিক্ষয়িত্ৰীগৰাকীৰ এই মন্তব্যৰ পাচতে মহাবিদ্যালয় প্ৰাংগণত উপস্থিত থকা আছু, যুৱ ছাত্ৰ পৰিষদকে ধৰি ছাত্ৰ সংগঠনসমূহৰ একাংশ নেতা-কৰ্মী ক্ষোভিত হৈ পৰে ৷ তেওঁলোকে শিক্ষয়িত্ৰীগৰাকীৰ সৈতে তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হোৱাৰ উপৰিও শিক্ষয়িত্ৰীগৰাকীক পবিত্ৰ শিক্ষাবৃত্তি ত্যাগ কৰিবলৈ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

ছাত্ৰ সংগঠনৰ প্ৰতিবাদৰ পাচতে সকলোৰে সন্মুখত শিক্ষয়িত্ৰী নিৰদা বৰাই নিজৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰে ৷ শিক্ষয়িত্ৰীগৰাকীৰ ক্ষমা আবেদনৰ পাচতে মহাবিদ্যালয়ৰ চৌহদৰ পৰিস্থিতি কিছু স্বাভাৱিক হোৱা পৰিলক্ষিত হয় ৷ আনহাতে, বৰ্ধিত মাছুল লোৱা কাৰ্য বন্ধ কৰাৰ দাবীত ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীসকলে ডুমডুমা-ফিল’বাৰী ৰাজপথো অৱৰোধ প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত ঘটনাই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ ফিল’বাৰী অঞ্চলৰ শৈক্ষিক মহলত ৷

লগতে পঢ়ক :বিজয়া দশমীৰ দিনাই ৰঙিয়াত পিষ্টল-ড্ৰাগছসহ আটক এজন

ABOUT THE AUTHOR

...view details