অসম

assam

ETV Bharat / state

প্ৰসূতিৰ মৃত্যু : ডাঃ প্ৰকাশ গুপ্তাৰ বিৰুদ্ধে ভূল চিকিৎসাৰ অভিযোগ

ভূল চিকিৎসাৰ বলি হৈ মৃত্যুক আঁকোৱালি লোৱা প্ৰমীলা ছেত্ৰীৰ বাসগৃহত শুকুৰবাৰে উপস্থিত হ'ল বহুকেইটা দল সংগঠনৰ বিষয়ববীয়া । চিকিৎসক ডাঃ প্ৰকাশ গুপ্তাৰ লগতে ডুমডুমাৰ ওঝা নাৰ্চিং হ'ম নামৰ ব্যক্তিগত চিকিৎসালয়খনৰ বিৰুদ্ধে উচিত তদন্ত কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী উত্থাপন কৰিলে উপস্থিত দল-সংগঠন কেইটাৰ নেতৃত্বই ।

student unions visit at late pramila chetri's residence
student unions visit at late pramila chetri's residence

By

Published : Jul 3, 2020, 9:37 PM IST

ডুমডুমা,৩ জুলাই : যোৱা ২৯ জুন তাৰিখে তিনিচুকীয়া জিলাৰ ডুমডুমাস্থিত ওঝা নাৰ্চিং হ'ম নামৰ এখন ব্যক্তিগত চিকিৎসালয়ত প্ৰমিলা চেত্ৰী নামৰ এগৰাকী প্ৰসূতিয়ে দুৰ্ভাগ্যজনক ভাৱে কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল । ব্যক্তিগত চিকিৎসালয়খনত কৰ্মৰত চিকিৎসক ডাঃ প্ৰকাশ গুপ্তাৰ ভুল চিকিৎসাৰ বাবেই ফিল'বাৰীৰ বৰগাঁও নিবাসী শিৱ ছেত্ৰীৰ পত্নী প্ৰমীলা ছেত্ৰী(২৯) নামৰ প্ৰসূতিগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছিল ।

ভূল চিকিৎসাৰ বাবে প্ৰসূতিৰ মৃত্যুৰ অভিযোগ ডুমডুমাৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ

প্ৰসূতিগৰাকী ঘৰৰ পৰা সোঁ-শৰীৰেই ডুমডুমাৰ ওঝা নাৰ্চিং হ'ম নামৰ চিকিৎসালয় খনত ভৰ্তি হৈছিল যদিও চিকিৎসাধীন অৱস্থাতেই প্ৰসূতি গৰাকীৰ মৃত্যু হৈছিল আৰু ভূল চিকিৎসাৰ বাবেই প্ৰসূতি গৰাকীৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছিল ।

শুকুৰবাৰে প্ৰয়াত প্ৰমীলা ছেত্ৰীৰ ফিল'বাৰী বৰগাঁওস্থিত বাসগৃহত সদৌ মৰাণ ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, চুতীয়া ছাত্ৰ সন্থাৰ লগতে গোৰ্খা ছাত্ৰ সন্থাৰ এটা দল উপস্থিত হয় । উপস্থিত আটাইকেইটা সংগঠনৰ বিষয় ববীয়াই অভিযুক্ত চিকিৎসক ডাঃ প্ৰকাশ গুপ্তাৰ লগতে ওঝা নাৰ্চিং হোমৰ বিৰুদ্ধে প্ৰশাসনে উচিত তদন্তৰে দোষীক চিনাক্ত কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় । অন্যহাতে প্ৰয়াত প্ৰমীলা ছেত্ৰীৰ তিনি বছৰীয়া কন্যা শিশুগৰাকীৰ ভৱিষ্যত সুৰক্ষাৰ লগতে শিশুটিৰ শিক্ষাৰ ব্যৱস্থা কৰিবলৈকো চৰকাৰক আহ্বান জনালে ।

লগতে :পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিঃ গোৱালপাৰাত আম আদমী পাৰ্টীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details