ডিগবৈ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ - অসম নিউজ
বিগত 29 মে'ত ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি, যি সকল ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ বাৰ্ষিক আয় দুই লাখ টকা আৰু যি সকল ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয়ত 75% ৰ ওপৰত উপস্থিত থাকিব তেনে শিক্ষাৰ্থীক ৰাজ্য চৰকাৰে বিনামূলীয়া নামভৰ্তিৰ সুবিধা প্ৰদান কৰিব
ডিগবৈ, 24 জুনঃ ডিগবৈ মহাবিদ্যালয়ৰ প্ৰাংগনত ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ । অসম চৰকাৰৰ শিক্ষা বিভাগে কলেজ আৰু বিশ্ববিদ্যালয়ৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিনামূলীয়া নামভৰ্তি সন্দৰ্ভত মাহীআইৰ দৃষ্টিৰে চাই অহাত সৰৱ হৈ পৰিছে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল । দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত বিনামূলীয়া পাঠদানৰ ওপৰত নীতিবান্ধি শিক্ষা বিভাগে লোৱা হঠকাৰী সিদ্ধান্তক মহাবিদ্যালয় কৰ্তৃপক্ষই নস্যাৎ কৰাৰ বাবেই প্ৰতিবাদত উত্তাল কৰি তোলে মহাবিদ্যালয়ৰ চৌহদ ৷ উল্লেখ্য যে, বিগত 29 মে'ত ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি, যি সকল ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ বাৰ্ষিক আয় দুই লাখ টকা আৰু যি সকল ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয়ত 75% ৰ ওপৰত উপস্থিত থাকিব তেনে শিক্ষাৰ্থীক ৰাজ্য চৰকাৰে বিনামূলীয়া নামভৰ্তিৰ সুবিধা প্ৰদান কৰিব ৷ কিন্তু এই ক্ষেত্ৰত বৰ্তমান পৰ্যন্ত ব্যৱস্থা গ্ৰহণ কৰা নাই মহাবিদ্যালয় কৰ্তৃপক্ষই ৷ সেয়েহে শীঘ্ৰে শিক্ষামন্ত্ৰীক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী ছাত্ৰ-ছাত্ৰীসকলৰ ৷