ডুমডুমা, 21 মেঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীয়ে বিজেপি যোগদান কৰা বাতৰিয়ে বিগত কিছুদিন ধৰি ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে । বৃহস্পতিবাৰে এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰে ছাত্ৰ নেতাগৰাকীয়ে । সংবাদ মাধ্যমলৈ ভিডিঅ'যোগে এক বাৰ্তা প্ৰেৰণ কৰি ছাত্ৰনেতা গৰাকীয়ে কয় যে, তেওঁ বিজেপিৰ একাংশ নেতাক স্থানীয় সমস্যাৰ বিষয়ে আলোচনাৰ কৰাৰ বাবেহে সাক্ষাত কৰিছিল । এই কথাকেই একাংশ সংবাদ মাধ্যমে তেখেতে বিজেপিত যোগদান কৰিব বুলি অপপ্ৰচাৰ চলাইছে । কা বিৰোধী আন্দোলন সন্দৰ্ভতো নিজৰ পূৰ্বৰ স্থিতি অব্যাহত থকাৰ কথা ব্যক্ত কৰে ছাত্ৰ নেতাগৰাকীয়ে ।
বিজেপিত যোগদানক লৈ নিজৰ স্থিতি স্পষ্ট কৰিলে ছাত্ৰ নেতা ৰাহুলে - ডিব্ৰুগড় বিশ্ববিদ্যালয়
ছাত্ৰ নেতা ৰাহুল ছেত্ৰীৰ বিজেপিত যোগদান, নিজ স্থিতি স্পষ্ট কৰিলে নেতাগৰাকীয়ে । একাংশ সংবাদ মাধ্যমে তেখেতে বিজেপিত যোগদান কৰিব বুলি অপপ্ৰচাৰ চলাইছে বুলি মন্তব্য ছাত্ৰ নেতাগৰাকীৰ ।
ছাত্ৰ নেতা ৰাহুল ছেত্ৰীৰ বিজেপিত যোগদান,নিজ স্থিতি স্পষ্ট কৰিলে নেতা গৰাকীয়ে!
উল্লেখ্য যে, বিজেপি নেতা লক্ষ্য কোঁৱৰ আৰু পৱিত্ৰ মাৰ্ঘেৰিটাৰ আমন্ত্ৰণমৰ্মে স্থানীয় সমস্যা সম্পৰ্কে আলোচনা কৰিবলৈহে যোৱা বুলি জনায় ৰাহুল ছেত্ৰীয়ে । তৈলক্ষেত্ৰ ব্যক্তিগত কৰণকে ধৰি দিহিং পাটকাইত কয়লাৰ খনন চলাবলৈ বিচৰা কাৰ্যৰ উপৰিও কটন বিশ্ববিদ্যালয়ত ২০০ তকৈ অধিক আসন কমাই ছাত্ৰ সমাজৰ কথা চিন্তা নকৰা চৰকাৰৰ প্ৰতি তেওঁ আকৰ্ষিত হোৱাৰ প্ৰশ্নই নাহে বুলি উল্লেখ কৰে ছাত্ৰ নেতাগৰাকীয়ে ।
লগতে পঢ়ক-ছোনিয়াৰ গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু : কংগ্ৰেছৰ গৰিহণা