তিনিচুকীয়া, ১৬ মাৰ্চ:তিনিচুকীয়াৰ কাৰিকৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত হোৱা বিস্ফোৰণ কাণ্ডৰ নতুন মোৰ (Transformer Blast during practical class)৷ "প্ৰতিষ্ঠানখনত আই এম চিৰ বিদ্যুৎ নথকাৰ বাবে ছাত্ৰজনক ট্ৰেন্সফৰ্মাৰটো পৰীক্ষা কৰিবলৈ লৈ গৈছিল ৷ এইটো কাম এজন ছাত্ৰই কৰা কাম নহয় ৷ এজন অভিজ্ঞ লোকক কাৰেণ্টৰ কাম চাবলৈ নিব লাগিছিল ৷ প্ৰতিষ্ঠানখনত ছাত্ৰ-ছাত্ৰীসকলক শ্ৰমিকৰ দৰে ব্যৱহাৰ কৰে ৷" প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে খোদ ছাত্ৰ-ছাত্ৰীয়ে (Student complaint against ITI Administrative) ৷
উল্লেখ্য যে যোৱা 15 মাৰ্চত তিনিচুকীয়াৰ কাৰিকৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত ব্যৱহাৰিক ক্লাছৰ সময়তে এটা 440 ভল্টৰ ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ হৈ এজন ছাত্ৰসহ এজন প্ৰশিক্ষক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল (Student and teacher injured)৷ এই বিস্ফোৰণৰ ফলত আঘাতপ্ৰাপ্ত ছাত্ৰগৰাকীয়ে এতিয়া ডিব্ৰুগড় মেডিকেল কলেজ হাস্পতালত জীৱন মৃত্যুৰে সৈতে যুঁজি আছে ৷ অঘটনৰ পিচতে বৃহস্পতিবাৰে সৰৱ হৈ পৰে প্ৰতিষ্ঠানখনৰ প্ৰশিক্ষাৰ্থীসকল ৷
তিনিচুকীয়া কাৰিকৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰশিক্ষাৰ্থীসকলে প্ৰাথমিক সুৰক্ষা ব্যৱস্থা নথকাৰ বাবে উক্ত অঘটন ঘটা বুলি অভিযোগ উত্থাপন কৰে(Injured student admitted in AMCH) ৷ প্ৰেক্টিকেল কৰাৰ সময়ত প্ৰশিক্ষাৰ্থীসকলৰ জোতা পৰিধান কৰাটো বাধ্যতামূলক, সমান্তৰালভাৱে হেলমেট, হাত মোজাকে আদি কৰি বিভিন্ন প্ৰাথমিক সুৰক্ষা ব্যৱস্থা থাকিব লাগে ৷ সেইসময়ত প্ৰাথমিক সুৰক্ষাৰ ব্যৱস্থা থকা হ’লে ছাত্ৰজন কিছু পৰিমাণে হ’লেও কমকৈ আঘাতপ্ৰাপ্ত হ’ল হয় ৷ অনাগত দিনত যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ কাৰণে প্ৰতিষ্ঠানৰ কতৃপক্ষই সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰাৰ লগতে আঘাতপ্ৰাপ্ত অনুপম বৰুৱাক অতি সোনকালে সুস্থ কৰি তুলিবলৈ উন্নত চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে দাবী উত্থাপন কৰে ৷