অসম

assam

ETV Bharat / state

Student Suicide Case: তিনিচুকীয়াত চিপ লৈ আত্মহত্যা মেট্ৰিক পৰীক্ষাৰ্থীৰ

দিনত লগৰীয়াৰ সৈতে খেলিলে ফাকু ৷ ইফালে তেওঁ অৱতীৰ্ণ হৈছে মেট্ৰিক পৰীক্ষাত ৷ ফাকু খেলি উঠি পঢ়াৰ টেবুলত বহিল ৷ বৃহস্পতিবাৰে আছিল সমাজ বিজ্ঞানৰ পৰীক্ষা ৷ কিন্তু হঠাৎ যেন সকলো সলনি হৈ গ’ল ৷ পৰীক্ষা দিবলৈ নাপালে ছাত্ৰীগৰাকীয়ে ৷ ঘৰৰ স্নানাগাৰত ওলমি ৰ’ল তেওঁৰ নিথৰ দেহ ৷

Student commits suicide due to love affair in Tinsukia
তিনিচুকীয়াত প্ৰেমজনিত কাৰণত ছাত্ৰীৰ আত্মহত্যা

By

Published : Mar 9, 2023, 10:04 PM IST

তিনিচুকীয়াত প্ৰেমজনিত কাৰণত ছাত্ৰীৰ আত্মহত্যা

তিনিচুকীয়া, ৯ মাৰ্চ: তিনিচুকীয়াত এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীৰ আত্মহত্যাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে (Student Suicide Case in Tinsukia) ৷ তিনিচুকীয়াৰ লেজাইহোলা গাঁৱত বুধবাৰে নিশা নিজা বাসগৃহৰ গা ধোৱা ঘৰ আত্মহননৰ ঘটনা সংঘটিত কৰে কিশোৰীগৰাকীয়ে (Student Committed Suicide) ৷

ঘটনাৰ বিৱৰণী অনুসৰি বুধবাৰে দিনত লগৰবোৰৰ লগত আনন্দ মনৰে ৰঙৰ উৎসৱ ফাকুৱা খেলিছিল কিশোৰীগৰাকীয়ে ৷ তাৰ পিচতে পৰীক্ষা হৈ থকাৰ বাবে পুনৰ পঢ়া টেবুলত বহিছিল কিশোৰীগৰাকীয়ে ৷ তাৰ পিচতেই পঢ়ি থকাৰ সময়তে পাপু নামৰ যুৱকজনে ফোন কৰাত ফোনত কিশোৰীগৰাকীৰ কাজিয়াৰ সৃষ্টি হয় ৷ কাজিয়াৰ সময়ত কিশোৰীগৰাকীয়ে জোৰেৰে চিঞৰি কন্দাকটা কৰাত পৰিয়ালৰ লোকে হতবাক হৈছিল ৷ কিন্তু এয়া দুয়োৰে মাজৰ কাজিয়া বুলি ঘৰৰ লোকে এই কাজিয়াত মন নিদিয়ে ৷

কিছুসময়ৰ পাছত ঘৰৰ অজ্ঞাতে কিশোৰীগৰাকীয়ে যুৱকজনৰ লগত স্কুটীৰে ওলাই যোৱা দেখিছিল ওচৰ চুবুৰীয়াই ৷ ওলাই যোৱাৰ পাচত নিশা পৰ্যন্ত ঘৰলৈ ঘূৰি নহাত চিন্তিত হৈ পৰিছিল পৰিয়ালৰ লোক ৷ পৰিয়ালৰ লোকসকলে কিশোৰীগৰাকীক বিচাৰ খোচাৰ কৰে যদিও বিচাৰি নাপায় ৷ ওৰে নিশা কিশোৰীগৰাকী ঘূৰি অহাৰ আশাত বাট চাই পিতৃ-মাতৃয়ে ৷

বৃহস্পতিবাৰে পুৱা মাতৃয়ে শুই উঠি বাথৰুমলৈ যোৱাত বাথৰুমৰ দৰ্জাখন ভিতৰৰ পৰা বন্ধ দেখা পাই হুলস্থুলৰ পৰিৱেশৰ সৃষ্টি হয় ৷ পৰৱৰ্তী সময়ত দৰ্জাখন ভাঙি দেখা পাই যে বাথৰুমত আত্মহত্যা কৰে কিশোৰীগৰাকীয়ে (Student commits suicide due to love affair) ৷

লগে লগে ঘৰৰ লোকে স্থানীয় আৰক্ষীক সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ আৰক্ষীয়ে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ কিশোৰীগৰাকীৰ মৃতদেহটো নমাই মৰোণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ কিশোৰীগৰাকী তিনিচুকীয়াৰ সাৰ্বজনীন বালিকা বিদ্যালয়ত অধ্যয়ন কৰিছিল ।

কিশোৰীগৰাকীৰ মাতৃয়ে কোৱা অনুসৰি পাপু নামৰ যুৱকজনে মানসিকভাৱে হাৰাশাস্তি কৰিছিল কিশোৰীগৰাকীক ৷ যাৰ ফলত সহ্য কৰিব নোৱাৰি পৰীক্ষাৰ সময়তে আত্মহত্যাৰ দৰে পথ বাছি ল’বলৈ বাধ্য হয় ৷ কিশোৰীগৰাকীৰ মাতৃয়ে পাপু বৰাক কঠোৰতকৈ কঠোৰতম শাস্তি দিবলৈ দাবী উত্থাপন কৰে ৷

ইতিমধ্য়ে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে তিনিচুকীয়া সদৰ আৰক্ষী থানাত অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে (Case register against lover)। কিশোৰীগৰাকীৰ আত্মহত্যাৰ আঁৰত যে প্ৰেমজনিত কিবা কাৰণ আছে নিশ্চয় অনুমেয় । পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত ফাদিল হ’ব আত্মহত্যাৰ প্ৰকৃত কাৰণ ।

লগতে পঢ়ক:Bihar rape case : বিহাৰৰ বেগুচৰাইত নাবালিকাক ধৰ্ষণ সুৰাপায়ীৰ

ABOUT THE AUTHOR

...view details