শদিয়া,4 নৱেম্বৰ:মঙলবাৰে হঠাতে অহা এজাক ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিছে তিনিচুকীয়া জিলাৰ ভিন্ন অঞ্চলত ৷ নিশাৰ ভাগত অহা ধুমুহাজাকৰ ফলত জিলাখনৰ তালাপ, ধলা আৰু টিপুক আদি অঞ্চলৰ বাসগৃহ, দেৱাল আদি ভাঙি বিস্তৰ ক্ষতি হয় ৷ তদুপৰি ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত বন্ধ হৈ পৰে পথ ৷ ততালিকে এই সন্দৰ্ভত স্থানীয় আৰক্ষীৰ লগতে ৰাইজে বন বিভাগক অৱগত কৰে যদিও বিভাগে দায়সৰা মন্তব্য প্ৰদান কৰি বিষয়টোৰ পৰা ফালৰি কাটে ৷ বন বিভাগৰ এনে স্থিতিৰ পিছতে ৰাইজে আৰক্ষীৰ সহযোগত গছসমূহ কাটি পথ মুকলি কৰে ৷
ধুমুহাৰ ফলত তিনিচুকীয়াত বিস্তৰ ক্ষতি - ধলা
ধুমুহাৰ ফলত বিস্তৰ ক্ষতি তিনিচুকীয়াৰ তালাপ, ধলা, টিপুক আদি অঞ্চলত ৷ ধুমুহাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত বন্ধ হৈ পৰে পথ ৷
![ধুমুহাৰ ফলত তিনিচুকীয়াত বিস্তৰ ক্ষতি Storm hitted Tinsukia assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9426160-thumbnail-3x2-a.jpg)
ধুমুহা