তিনিচুকীয়া, ১৪ আগষ্ট:তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত তথা তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পালৰ প্ৰচেষ্টাত জিলাখনৰ দিব্যাংগ তথা বিশেষভাৱে সক্ষম লোকসকলৰ সকলৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে । দিব্যাংগ তথা বিশেষভাৱে সক্ষম লোকসকলৰ সকলৰ সুবিধা হোৱাকৈ আৰম্ভ কৰা হৈছে "Mission Thoughtful Tinsukia" শীৰ্ষক এক বিশেষ কাৰ্যসূচী ।
লগতে পঢ়ক:Partition Horrors Remembrance Day : ধেমাজিত বিভাজন বিভীষিকা স্মৃতি দিৱসত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু
সোমবাৰে পুৱা ১০ বজাত জিলাখনৰ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ সমীপৰ আশা গৃহত (IGNOU শিক্ষা কেন্দ্ৰত) এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ এই বিশেষ অনুষ্ঠানটোত তিনিচুকীয়া ৰটাৰী ক্লাৱ, লায়ঞ্চ ক্লাৱ তিনিচুকীয়া আৰু মাৰোৱাৰী যুৱ মঞ্চ তিনিচুকীয়াই সহযোগিতা আগবঢ়াইছে ৷ উক্ত অনুষ্ঠানত তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে বিশেষ অতিথি হিচাপে উপস্থিত থাকে । তদুপৰি এই অনুষ্ঠানটোত জিলা আয়ুক্ত স্বপ্নীল পাল আৰু জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্তৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷