তিনিচুকীয়া, 25 মে’: তিনিচুকীয়াত উলহে মালহে পালন কৰা হৈছে স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ 220 সংখ্যক মৃত্যু দিৱস (Sarbananda Singha Death anniversary observe) ৷ তিনিচুকীয়া বৰগুৰি হাইস্কুল খেলপথাৰত 24 মে’ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ মৃত্যু দিৱস ৷
অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তিনিচুকীয়া জিলা প্ৰশাসন আৰু সদৌ অসম মটক সন্মিলনৰ সহযোগত লগতে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদ, সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম মটক ছাত্ৰ সন্থা আৰু মটক ৰাজবংশ উন্নয়ন সমিতিৰ সৌজন্যত বৰ্ণিল কাৰ্যসূচীৰে পালন কৰা হৈছে বীৰগৰাকীৰ মৃত্যু দিৱস ৷