অসম

assam

ETV Bharat / state

Meeting on acquisition of land: চৰকাৰী আঁচনিৰ বাবে ৪৫ বিঘা ভূমি অধিগ্ৰহণ কৰাক লৈ ক্ষোভ - দণ্ডী সোণোৱাল

নাহৰণীত ৰাজহ চক্ৰ বিষয়াই কোনোবা বিশেষ অনুষ্ঠানৰ বাবে ৪৫ বিঘা ভূমি অধিগ্ৰহণ কৰাকলৈ কেইবাখনো সোণোৱাল কছাৰী গাঁৱৰ ৰাইজ একত্ৰিত হৈ ৰাজহুৱা সভা অনুষ্ঠিত কৰে ।

sonowal kachari people from various villages held meeting on acquisition of land
ভূমি অধিগ্ৰহণ কৰাক লৈ ক্ষোভ

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 1:34 PM IST

ভূমি অধিগ্ৰহণ কৰাক লৈ ক্ষোভ

তিনিচুকীয়া, ৩০ ছেপ্টেম্বৰ :১৯৫২ চনৰ পৰা টিংৰাই মৌজাৰ ডিগবৈ সমষ্টিৰ অন্তৰ্গত নাহৰনী গাঁৱৰ ৰাইজে প্ৰায় ৮২ বিঘা মাটি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সংস্থাপনৰ নামত সংৰক্ষণ কৰি ৰাখিছে ৷ এতিয়া সেই ৮২ বিঘা মাটিৰে চৰকাৰী আঁচনিৰ বাবে ৪৫ বিঘা মাটি তিনিচুকীয়া ৰাজহ চক্ৰ বিষয়াই কোনোবা এটা বিশেষ অনুষ্ঠানৰ বাবে অধিগ্ৰহণ কৰাক লৈ পাভজান গাঁও, নাহৰ চাপৰি গাঁৱৰ ৰাইজ, চিৰিং মামৰণী গাঁৱৰ ৰাইজ একত্ৰিত হৈ শুকুৰবাৰে নাহৰণীত এক বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰে ।

অসমৰ অতি প্ৰাচীন জনজাতীয় জনগোষ্ঠী সোণোৱাল কছাৰী ৰাইজৰ প্ৰশ্ন যে উক্ত মাটিখিনি লোৱাৰ কথা নাহৰণীৰ ৰাইজক অৱগত নকৰাকৈ কেনেকৈ চৰকাৰী আঁচনিৰ নামত বিশেষ অনুষ্ঠানৰ বাবে অধিগ্ৰহণ কৰিব পাৰে য’ত নেকি ২০০৯ চনতে অঞ্চলবাসী ৰাইজে বিদ্যালয় স্থাপন কৰাকে আদি কৰি কেইবাটাও অনুষ্ঠান পাতিবলৈ অধিগ্ৰহণ কৰিবলৈ চৰকাৰক আবেদন কৰিছিল যদিও সেই সময়ত চৰকাৰে কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখা নগ’ল ।

৪৫ বিঘা ভূমি অধিগ্ৰহণ কৰাকলৈ ৰাইজে বৃহস্পতিবাৰে তিনিচুকীয়া জিলা আয়ুক্ত গৰাকীক সাক্ষাৎ কৰে যদিও আয়ুক্ত গৰাকীয়ে ৰাইজক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে । সোণোৱাল কছাৰী সকলৰ এনেকুৱা ধৰণৰ ভূমি বিবাদক লৈ ৰাইজৰ সভাস্থলীত উপস্থিত হয় সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ প্ৰধান টংকেশ্বৰ সোণোৱালকে ধৰি সদস্য দণ্ডী সোণোৱাল, তিনিচুকীয়া চক্ৰ বিষয়াকে প্ৰমুখ্যে কৰি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সজাতি দল ।

উক্ত সভাৰ পৰাই ৰাইজৰ উপস্থিতিত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ প্ৰধান টংকেশ্বৰ সোণোৱালে এই বিষয়ে চৰকাৰী পক্ষৰ আলোচনাত মিলিত হ’ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰে । ইয়াৰ উপৰিও সদস্য দণ্ডী সোণোৱাল আৰু সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি বিদ্যুৎ সোণোৱালে চৰকাৰক এনেকুৱা ধৰণৰ বৈষম্যমূলক নীতি বন্ধ কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় ।

লগতে পঢ়ক :Tea garden workers protest : দুৰ্গা পূজাত ২০ শতাংশ বানচ প্ৰদানৰ দাবীত চাহ শ্ৰমিকৰ বিশাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details