শদিয়া, 22 ছেপ্তেম্বৰঃ বিধায়ক বলিন চেতিয়াৰ সমষ্টিত জৰাজীৰ্ণ বাট-পথে অতিষ্ঠ কৰি তুলিছে সমষ্টিবাসীক ৷ ৰাইজৰ বাৰাম্বাৰ অভিযোগৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিধায়কগৰাকীয়ে ৷ যাৰ বাবে অৱশেষত শদিয়াৰ দক্ষিণ পাৰৰ অঞ্চল সমূহৰ উন্নয়নৰ বাবে আগবাঢ়ি আহিছে এগৰাকী সমাজকৰ্মী ৷ মঙলবাৰে সমাজকৰ্মী তথা যুৱ নেতা ঋষি চুতীয়াই শদিয়া সমষ্টিৰ অন্তৰ্গত গো-শালা ঘূমটিবিল সংযোগী প্ৰায় 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ গ্ৰাম্য পথচোৱাৰ মেৰামতিৰ কাম হাতত লৈ শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ সিদ্ধান্ত গ্ৰহন কৰে ৷
শদিয়াত পথ নিৰ্মানৰ বাবে আগবাঢ়ি আহিল সমাজকৰ্মী - বলিন চেতিয়া
শদিয়াৰ দক্ষিণ পাৰৰ অঞ্চল সমূহৰ উন্নয়নৰ বাবে আগবাঢ়ি আহিছে এগৰাকী সমাজকৰ্মী ৷ মঙলবাৰে সমাজকৰ্মী তথা যুৱ নেতা ঋষি চুতীয়াই শদিয়া সমষ্টিৰ অন্তৰ্গত গো-শালা ঘূমটিবিল সংযোগী প্ৰায় 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱাৰ মেৰামতিৰ কাম হাতত লৈ শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ সিদ্ধান্ত গ্ৰহন কৰে ৷
শদিয়াত পথ নিৰ্মানৰ বাবে আগবাঢ়ি আহিল সমাজকৰ্মী
স্থানীয় ৰাইজৰ সহযোগত পথটোৰ নিৰ্মাণ কাৰ্য মুকলি কৰি বিধায়ক বলিন চেতিয়াৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে সমাজকৰ্মী গৰাকী ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও তেখেতে সমষ্টিৰ অন্তৰ্গত বহুকেইটা পথ মেৰামতি কৰাৰ লগতে অন্যান্য উন্নয়নমূলক কাম কাজ কৰি আহিছে বুলি জনায় স্থানীয় ৰাইজে ৷
লগতে পঢ়ক-চামগুৰি পাৱাৰ গ্ৰীড ষ্টেছন পৰদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ