তিনিচুকীয়া, 4 জুন:তিনিচুকীয়াৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ত লক ডাউনৰ সুযোগতে চলিছে মদ-মাংসৰ আড্ডা ৷ প্ৰকৃততে কাৰ্যালয়টোৰ এগৰাকী কৰ্মচাৰীৰ অৱসৰৰ আলম লৈ কৰ্মচাৰীসকলে আয়োজন কৰিছিল এক ভোজ-ভাতৰ । আৰু তাতেই লাগিল পয়মাল ৷ ভোজ-ভাতৰ মাজতে কাৰ্যালয়টোৰ কেইগৰাকীমান কৰ্মচাৰীয়ে কৰিলে মদ্যপান ।
তিনিচুকীয়াত চৰকাৰী কাৰ্যালয়ত সুৰাৰ আড্ডা - Covid 19
পঞ্চম পৰ্যায়ৰ লক ডাউনৰ সময়ছোৱাত চৰকাৰী কাৰ্যালয়সমূহ খোলাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ৷ Covid-19ৰ পৰা সুৰক্ষা পাবলৈ সকলো নীতি নিয়ম মানি চলি কৰ্তব্যত যোগদান কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল অসম চৰকাৰে ৷ কিন্তু চৰকাৰৰ নিৰ্দেশক বুঢ়া আঙুলী প্ৰদৰ্শন কৰি একাংশ চৰকাৰী কাৰ্যালয়ত চলিছে মদৰ আড্ডা ৷ কিয় আৰু কি কাৰণে চলিছে চৰকাৰী কাৰ্যালয়ত মদৰ আড্ডা !
![তিনিচুকীয়াত চৰকাৰী কাৰ্যালয়ত সুৰাৰ আড্ডা Social Welfare Office tinsukia assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7472283-thumbnail-3x2-a.jpg)
ইফালে সাংবাদিকৰ কেমেৰাত সমগ্ৰ দৃশ্য বন্দী হোৱাৰ পিছত কাৰ্যালয়টোত উপস্থিত হয় তিনিচুকীয়াৰ কাৰ্যবাহী দণ্ডাধীশ তথা মহকুমা কল্যাণ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া নীলুৰাম শৰ্মা ৷ বিষয়া দুগৰাকী উপস্থিত হৈ সুৰাপায়ী কৰ্মচাৰীক কেমেৰাৰ সন্মুখতে দিলে ধমক । কৰ’ণা মহামাৰীৰ বাবে দীৰ্ঘদিন বন্ধ হৈ থকা ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহৰ কাম-কাজ স্থবিৰ হৈ থকাৰ সময়তে তিনিচুকীয়াৰ সমাজ কল্যাণ বিভাগৰ একাংশ কৰ্মচাৰীৰ এনে কৰ্মকাণ্ডই হতচকিত কৰিছে সচেতন মহলক। দায়িত্বশীল চৰকাৰৰ লগতে সংশ্লিষ্ট বিভাগে এনে কাণ্ডত জড়িতসকলৰ প্ৰতি কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ’ব ৷