শদিয়া, 27 অক্টোবৰ : ব্ৰহ্মপুত্ৰৰ বুকুৰে চলিছে কাঠৰ চোৰাং বেহা ৷ ১৪ অক্টোবৰ তাৰিখে ছৈখোৱঘাট আৰক্ষী থানাৰ অন্তৰ্গত নতুন গাঁৱৰ সমীপত ব্ৰহ্মপুত্ৰৰ বুকুৱেদি অবৈধ ভাৱে সৰবৰাহ কৰা বহু মূল্যৱান গছৰ কুণ্ডা জব্দ কৰে ছৈখোৱাঘাট আৰক্ষীয়ে ৷ চোৰাং কাঠৰ কুণ্ডা জব্দ কৰা এই বিষয়টো লক্ষণীয়ভাৱে আৰক্ষীয়ে বন বিভাগৰ পৰা গোপনে ৰাখিছিল বুলিও একাংশই অভিযোগ উত্থাপন কৰিছে ৷ উক্ত খবৰ স্থানীয় সাংবাদিকে জানিব পাৰি কুণ্ডা জব্দ কৰা স্থানত উপস্থিত হৈ সকলো দৃশ্য কেমেৰাত বন্দী কৰে ৷
লক্ষ্যণীয় বিষয় যে, জব্দ কৰা মূল্যৱান কাঠৰ কুণ্ডা কাষৰীয়া মানুহৰ বাৰীতো পোৱা গৈছে ৷ উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ পৰা ব্ৰহ্মপুত্ৰৰ জলপথেৰে ভূৰৰ সহায়ত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ বাতৰি বিভিন্ন সময়ত সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে ৷ বিভিন্ন জনৰ অভিযোগ অনুসৰি বন বিভাগ আৰু আৰক্ষীৰ গোপন বুজাবুজিৰে অসাধু চক্ৰই চলাই আহিছিল এই মূল্যৱান কাঠৰ ৰমৰমীয়া বেহা ৷
লগতে পঢ়ক:প্ৰতিমাহৰ 10 তাৰিখে পালন কৰা হ’ব অংগনবাদী দিৱস
আৰক্ষীয়ে জব্দ কৰা এই কুণ্ডা অৰুণাচল প্ৰদেশৰ পৰা অনা হৈছে বুলি আমি জানিব পৰা গৈছে ৷ দীৰ্ঘদিনৰ পৰা অৰুণাচল প্ৰদেশৰ পৰা চোৰাং কাঠ মাফিয়াই ব্ৰহ্মপুত্ৰ নদীৰ বুকুৱেদি ভূৰ সাজি চোৰাংকৈ সৰবৰাহ কৰিছিল মূল্যৱান কাঠ ৷ গুৰুত্বপূৰ্ণ কথাটো হ'ল, জব্দ কৰা কাঠৰ কুন্দাসমূহ আৰক্ষীয়ে বন বিভাগক গতাই দিয়াৰ পিছত বন বিভাগে কাঠৰ কুণ্ডাবোৰ নষ্ট কৰাৰ অভিযোগ কৰিছে স্থানীয় দল-সংগঠনে ৷
এই বিষয়ত বন বিভাগ আৰু আৰক্ষীৰ এক সূত্ৰই সদৰী কৰা মতে, যাতায়তৰ অসুবিধা আৰু ইয়াৰ বাবে বিভাগে ধন আৱন্টন নিদিয়াৰ বাবে কুণ্ডাবোৰ নষ্ট কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি উক্ত জব্দকৃত কাঠৰ কুণ্ডা সমূহ নিবিদাৰ প্ৰক্ৰিয়াৰে চৰকাৰী ভঁৰালত ধন জমা কৰাৰো এক থল আছিল ৷ ইয়াকে লৈ বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে এক উচিত তদন্তৰো দাবী জনাইছে ৷
জব্দ কৰা কুন্দা সমূহৰ মূল্য প্ৰায় 4 লাখ 80 হাজাৰ টকা হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে ৷ বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, উক্ত কুণ্ডাসমূহ ডিব্ৰুগড়ৰ কোনো খান উপাধিৰ এগৰাকী ব্যক্তিৰ নেতৃত্বত সৰবৰাহ হৈছিল ৷
লগতে পঢ়ক:ফৰেনছিক ৰিপ’ৰ্টত পোৱা গৈছে আকাশ চৌধুৰীৰ ফিংগাৰ প্ৰিণ্ট : মহানগৰ আৰক্ষী আয়ুক্ত