তিনিচুকীয়া, ৩০ মাৰ্চ: চৰকাৰৰ কঠোৰ পদক্ষেপৰ পিছতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্য়াহত আছে বন ধ্বংসযজ্ঞ (Deforestation in Assam Forests)। অবাধ বনাঞ্চল ধ্বংস কৰি একাংশই চলাই আছে কাঠৰ চোৰাং বেহা । ৰাজ্য়খনৰ কোনোবাখন জিলাত যদি বন বিভাগৰ চকুৰ সন্মুখতে, আন কৰ'বাত আকৌ বন বিভাগৰ চকুত ধূলি মাৰি চলাই আছে এই অবৈধ বেহা । ইয়াৰ মাজতেই মাকুমত জব্দ চোৰাংভাৱে সৰবৰাহ কৰা কাঠৰ কুণ্ডাভৰ্তি এখন ট্ৰাক (Smuggled timber seized in Makum)।
বুধবাৰে নিশা তিনিচুকীয়া জিলাৰ মাকুম আৰক্ষী থানাৰ আৰক্ষী আৰু টাই আহোম যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ তৎপৰতাত জব্দ কৰা হয় এখন কাঠৰ কুণ্ডাভৰ্তি ট্ৰাক (TAYPA seized smuggled wood in Makum)। নাহৰকটিয়াৰ পৰা ডিগবৈলৈ কাঠৰ কুণ্ডা কঢ়িয়াই অনা AS-23 G-0254 নম্বৰৰ ট্ৰাকখন জব্দ কৰে ৷ ট্ৰাকৰ চালকজনৰ ভাষ্য অনুসৰি, অবৈধ কাঠৰ কুণ্ডাভৰ্তি ট্ৰাকখন নাহৰকটীয়াৰ পৰা ডিগবৈলৈ আনিছিল ৷ এনে সময়তেই আৰক্ষীয়ে মাকুম বেটলিয়ানৰ সমীপত জব্দ কৰিবলৈ সক্ষম হয় ট্ৰাকখন ।