তিনিচুকীয়া, 5 জুলাই :সোমবাৰে, ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ বিভিন্ন সমস্যাৰ ওপৰত ছাত্র মুক্তি সংগ্ৰাম সমিতি(smss), তিনিচুকীয়া জিলা সমিতিয়ে এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলখন সম্বোধন কৰি সংগঠনটোৰ বিষয়ববীয়া সকলে মন্তব্য কৰে যে, বিশ্বৰ দৰবাৰত এশ বছৰতকৈ অধিক কাল অসমৰ চাহ খেতিয়ে এক উচ্চ গৌৰৱোজ্জল স্থান দখল কৰি আহিছে ৷ ভাৰতবর্ষৰ মুঠ চাহপাত উৎপাদনৰ শতকৰা ৫২ ভাগ কেৱল অসমতেই উৎপাদন কৰা হয় ৷ কিন্তু, সম্প্ৰতি কেঁচাপাতৰ বজাৰখনত উৎসাহজনক পৰিৱেশ নোহোৱাৰ বাবে নিৰাশ হৈছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক (tea farmers) সকল ৷
আনহাতে, বাগিচা এখন প্রতিপালন কৰিবলৈ বিভিন্ন ৰাসায়নিক দ্রব্য, সাৰ আদিৰ প্রয়োজন হয় ৷ বর্তমান, দ্রব্যৰ মূল্য বৃদ্ধি হোৱাৰ বাবে এনেবিলাক সামগ্রীৰো মূল্য বৃদ্ধি পাইছে ৷ কিন্তু, ইয়াৰ তুলনাত কেঁচাপাতৰ মূল্য বৃদ্ধি পোৱা নাই গতিকে, খেতিয়ক সকলে এই খৰচ বহন কৰাটো অসম্ভৱ হৈ পৰিছে ৷ কেঁচাপাতৰ প্রক্রিয়াটো সম্পূর্ণৰূপে কৃষিভিত্তিক আৰু বতৰৰ ওপৰত নির্ভৰশীল ৷ সেইবাবেই উৎপাদনৰ পৰিমাণত কম বেছ হ’ব পাৰে ৷ তেনে ক্ষেত্রত যদি উৎপাদনকাৰীয়ে উৎপাদনৰ সঠিক মূল্য আদায় কৰিব নোৱাৰে, সেইটো তেওঁলোকৰ বাবে এটা ডাঙৰ সমস্যা হৈ পৰিব ৷
পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি কেঁচাপাতৰ মূল্য বৃদ্ধি কৰাটো অতি প্রয়োজন হৈ পৰিছে বুলি মন্তব্য কৰি কেঁচা চাহপাতৰ মূল্যবৃদ্ধি কৰিবলৈ চৰকাৰৰ নির্দেশ মতে চাহপাত কিনা কলঘৰবোৰক বাধ্য কৰোৱাৰ ব্যৱস্থা ল’ব লাগে বুলি দাবী উত্থাপন কৰে সংগঠনটোৰ বিষয় ববীয়া সকলে ৷