অসম

assam

By

Published : Feb 21, 2020, 11:43 PM IST

ETV Bharat / state

ডুমডুমাত পত্নী হত্যাকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

ডুমডুমাৰ মানখোৱা চাহ বাগিছাত পত্নীক হত্যা কৰি পলাতক হৈ থকা অপৰাধী স্বামীক গ্ৰেপ্তাৰ কৰে ডুমডুমা আৰক্ষীয়ে ৷

Dumduma murder case : police arrested the murderer
ডুমডুমাত পত্নী হত্যাকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

ডুমডুমা,21 ফেব্ৰুৱাৰী: ডুমডুমা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ পত্নীক হত্যা কৰি পলাতক অপৰাধী ৷ বৃহস্পতিবাৰে ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত মানখোৱা চাহ বাগিছাত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড । অশোক গোৱালা নামৰ এজন লোকে পত্নী মীনা গোৱালাক মৰিয়াই হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল । পত্নী হত্যাকাৰী অশোক গোৱালাক শুকুৰবাৰে ডুমডুমা আৰক্ষীয়ে চাবুৱা আৰক্ষীৰ সহযোগত চাবুৱাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে পত্নী মীনা গোৱালাক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে অশোক গোৱালাই । পত্নীয়ে অন্য নাৰীৰ লগত অশোক গোৱালাৰ সম্পৰ্ক থকাৰ সন্দেহ কৰাৰ বাবেই পত্নীক হত্যা কৰা বুলি উল্লেখ কৰিছে অশোক গোৱালাই ।

ডুমডুমাত পত্নী হত্যাকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

ABOUT THE AUTHOR

...view details