সম্প্ৰীতিৰ বাণীৰে ডুমডুমাত শিখ ধৰ্মীয় বিশাল শোভাযাত্ৰা
শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰুনানক দেৱৰ ৫৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে ধুবুৰী গুৰুদ্বাৰৰ পৰা বাহিৰ কৰা হয় ধৰ্মীয় শোভাযাত্ৰাৰ ৷
ডুমডুমা, 21 আগষ্টঃ শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰুনানক দেৱৰ ৫৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে ধুবুৰী গুৰুদ্বাৰৰ পৰা বাহিৰ কৰা হয় ধৰ্মীয় শোভাযাত্ৰাৰ ৷ বুধবাৰে শোভাযাত্ৰাকাৰী দলটো উপস্থিত হয় চাহনগৰী ডুমডুমাত । শান্তি-সম্প্ৰীতিৰ বাণী প্ৰচাৰৰ লক্ষ্যৰে ডুমডুমাত উপস্থিত হোৱা শোভাযাত্ৰাৰ দলটোক ডুমডুমাৰ শিখ ধৰ্মালম্বী লোকসকলে ধৰ্মীয় ৰীতি নীতিৰে আদৰণি জনায় ৷ দেশৰ বিভিন্ন প্ৰান্তত শান্তি সম্প্ৰীতিৰ বাণী প্ৰচাৰৰ বাবে শোভাযাত্ৰা কৰা দলটো ২৩ আগষ্টৰ পৰা নগাঁৱত অনুষ্ঠিত হ'ব লগা মহান গুৰমত সমাগমলৈ উভতি যাব বুলি উল্লেখ কৰে ৷