তিনিচুকীয়া,23 মাৰ্চ: সকলো ৰাষ্ট্ৰীয়তাবাদী তথা আঞ্চলিকতাবাদী ৰাজনৈতিক দলে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ৷ কোনো ফালৰ পৰা পিচপৰি থকা নাই ১২৩ নং ডিগবৈ বিধানসভা সমষ্টি ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিদিন বাকী থকাৰ সময়তে মঙলবাৰে পুৱাৰ ভাগত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী সুৰেণ ফুকনে প্ৰায় পাঁচশ মটৰ চাইকেলৰ অংশগ্ৰহণেৰে বৃহৎ সমদল উলিওৱাৰ লগে লগে প্ৰাৰ্থীগৰাকীক প্ৰত্যাহ্বান জনাই সমষ্টিটোৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী শিৱনাথ চেতিয়াই দলীয় কৰ্মকৰ্তাৰ লগতে সমৰ্থকসকলৰ অংশগ্ৰহণেৰে প্ৰত্যাহ্বানমূলকভাৱে ৰাজীৱ ভৱনৰ পৰা এক বৃহৎ বাইক ৰেলী উলিয়ায় ৷
ডিগবৈত শিৱনাথ চেতিয়াৰ বৃহৎ বাইক ৰেলী - Assam elections 2021
মঙলবাৰে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী সুৰেণ ফুকনক বৃহৎ প্ৰত্যাহ্বান জনাই ১২৩ নং ডিগবৈ বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী শিৱনাথ চেতিয়াই বাহিৰ কৰে এক বাইক ৰেলী ৷
![ডিগবৈত শিৱনাথ চেতিয়াৰ বৃহৎ বাইক ৰেলী সুৰেণ ফুকনক প্ৰত্যাহ্বান জনাই শিৱনাথ চেতিয়াৰ বৃহৎ বাইক ৰেলী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11132038-thumbnail-3x2-vnmh.jpg)
উল্লেখ্য যে, সমষ্টিটোৰ অন্তৰ্গত দহখন পঞ্চায়ত আৰু দুখন নগৰ সমিতিৰ পৰা অংশগ্ৰহণ কৰা প্ৰায় ছয় শতাধিক কৰ্মীয়ে মটৰ চাইকেল সমদলেৰে গাঁৱে-গাঁৱে পৰিভ্ৰমণ কৰি শিৱনাথ চেতিয়াৰ হৈ প্ৰচাৰ চলায় ৷ লগতে শিৱনাথ চেতিয়াই প্ৰাক্তন বিজেপি বিধায়ক সুৰেণ ফুকনক ক্ষুৰধাৰ সমালোচনাৰে থকা-সৰকা কৰে ৷ বিগত নিৰ্বাচনত প্ৰাৰ্থীগৰাকী জয়ী হৈ ডিগবৈ সমষ্টিৰ উন্নয়ন কৰাৰ লগতে সমষ্টিটোৰ একমাত্ৰ বানপীড়িত অঞ্চল বাৰেকুৰিৰ বান সমস্যা সমাধান নকৰিলে পদত্যাগ কৰিম বুলি কোৱা কথাষাৰত শিৱনাথ চেতিয়াই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ।
লগতে পঢ়ক:আল্লাৰ নামত ভোট বিচাৰি আঙুৰলতাক উদ্ধাৰৰ চেষ্টা মুখ্যমন্ত্ৰীৰ