অসম

assam

ETV Bharat / state

মাৰ্ঘেৰিটাৰ শিশু ভৱনৰ ৰূপালী জয়ন্তী উদযাপন - মাৰ্ঘেৰিটাৰ শিশু ভৱনৰ ৰূপালী জয়ন্তী উদযাপন

25 বছৰ সম্পূৰ্ণ কৰিলে মাৰ্ঘেৰিটাৰ শিশু ভৱনে ৷ ৰূপালী জয়ন্তী উপলক্ষে দুদিনীয়া কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠানৰ আয়োজন ৷ সামৰণি অনুষ্ঠানত উপস্থিত মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা ৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকি চৰকাৰে শিক্ষাখণ্ডলৈ আমূল পৰিবৰ্তন অনা বুলি মন্তব্য শৰ্মাৰ ৷

A_MRG_805_silver_jubille_vis_img_asc10026
shishu bhawan celebrates silver jubille

By

Published : Feb 19, 2021, 10:28 PM IST

মাৰ্ঘেৰিটা, 19 ফেব্ৰুৱাৰী:ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে মাৰ্ঘেৰিটাস্থিত শিশু ভৱনে ৷ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তী সমাৰোহৰ শুকুৰবাৰে সামৰণি পৰে ৷ শুকুৰবাৰে সামৰণি পৰা সমাৰোহত মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা মুখ্য অতিথি ৰূপে উপস্থিত থাকে ৷ মুখ্য অতিথি ৰূপে উপস্থিত থাকি শৰ্মাই চৰকাৰে শিক্ষাখণ্ডলৈ আমূল পৰিবৰ্তন অনা বুলি মন্তব্য কৰে ৷

সভাখনত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰ, সমাজসেৱক ডি বি সোনাৰ, ৱাৰ্ড কমিছনাৰ আনন্দ শৰ্মা, ভীম কৰ্মকাৰ আৰু অন্নদীতা গোস্বামী বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে । সভাত উপস্থিত থকা সাংবাদিক তপন দে, প্ৰশান্ত চেতিয়া, ফাইজুৰ ৰহমান আৰু শ্যামল নেওগক এখনকৈ ফুলাম গামোছাৰে আদৰণী জনোৱা হয় ৷

প্ৰধান শিক্ষক ভূবনেশ্বৰ প্ৰসাদে সমীৰণ বৰঠাকুৰে আঁত ধৰা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে ৷ সমাৰোহ উপলক্ষে প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সমাৰোহ আদি বিভিন্ন কাৰ্যসূচীও অনুষ্ঠিত হয় ৷

লগতে পঢ়ক:অপহৃত দুই বিষয়াক লৈ আলফা স্বাধীনৰ বিবৃতি

For All Latest Updates

ABOUT THE AUTHOR

...view details