কাকপথাৰত নাওঁ দুৰ্ঘটনা, সন্ধানহীন 3 - sadia
শদিয়াৰ ন-দিহিং টেঙাপানী পাৰঘাটত নাওঁ দুৰ্ঘটনা ৷ মহিলাসহ 3 লোক এতিয়াও সন্ধানহীন ৷ স্থানীয় আৰক্ষী তথা প্ৰশাসনৰ উদ্ধাৰ অভিযান অব্যাহত ৷
শদিয়া,2মেঃ বৃহস্পতিবাৰে শদিয়াৰ ধলা থানাৰ অন্তৰ্গত কাকপথাৰৰ ন-দিহিং টেঙাপানী পাৰঘাটত অঘটন ৷ বৃহস্পতিবাৰে দিনত নাওঁ ডুবি মহিলাসহ তিনিজন লোক সন্ধানহীন হয় ৷ সন্ধানহীন কেইজন ক্ৰমে ভায়া গোৱালা, শংকৰ গুঞ্জু আৰু ফুল গুঞ্জু(দম্পতি) বুলি নাৱৰীয়াই জানিবলৈ দিছে ৷ ইপিনে পাঁচজনে সাতুৰি প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় ৷ এই ঘটনাৰ পিচতে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ সাতুৰি পাৰ হোৱা কেইজন ক্ৰমে সোনেশ্বৰ মৰাণ, ভাদৌ ভুঞা, গজা ভুঞা, চুপ্ৰেম মুণ্ডা, খগেন কোৱঁৰ ৷ সন্ধানহীন কেইজনৰ পৰিচয় বৰ্তমান লৈকে জানিব পৰা হোৱা নাই যদিও স্থানীয় আৰক্ষী তথা প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷