অসম

assam

ETV Bharat / state

প্ৰথমবাৰৰ বাবে হিন্দী ভাষাত শংকৰদেৱৰ জীৱনীমূলক ধাৰাবাহিক

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱনৰ ওপৰত আধাৰিত হিন্দী অনুবাদ মূলক পূ্ৰ্ণাংগ ধাৰাবাহিকৰ কাম পূৰ্ণগতিত চলিছে ডিব্ৰুগড় জিলাৰ জকাইত ।

প্ৰথমবাৰৰ বাবে হিন্দী ভাষাত শংকৰদেৱৰ জীৱনীমূলক ধাৰাবাহিক

By

Published : Jun 17, 2019, 3:41 PM IST

শদিয়া, ১৭ জুনঃ প্ৰথমবাৰৰ বাবে হিন্দী ভাষাত নিৰ্মিত হৈছে শংকৰদেৱৰ জীৱনীমূলক ধাৰাবাহিক। অভিনয় জগতৰ প্ৰশিক্ষণৰ কেন্দ্ৰস্থলী দক্ষিণ ভাৰতৰ চেন্নাইৰ লগতে মুম্বাইৰ খ্যাতি সম্পন্ন অভিনেতা,কেমেৰামেন,ছবি নিৰ্মাতাৰ প্ৰচেষ্টাত আগবাঢ়িছে ধৰাবাহিকখনৰ নিৰ্মাণৰ কাম।ধাৰাবাহিকখন প্ৰচাৰ কৰাৰ অনুমোদন আগবঢ়াইছে ডি ডি দূৰদৰ্শনে ৷ 'মাক্ৰাৰী এন্টাৰটেইন্টমেন নে’টৱৰ্ক প্ৰাইভেট লিমিটেড’ৰ অৰুণ প্ৰভা চেনেলৰ বেনাৰত যোৱা ২৮ মে’ৰ পৰা ধাৰাবাহিকখনৰ ছবিগ্ৰহণৰ কাম চলি আছে ডিব্ৰুগড় জিলাৰ জকাই অঞ্চলৰ মনোৰম প্ৰাকৃতিক পৰিৱেশত। শংকৰদেৱৰ চৰিত্ৰত আছে ওঁম নমঃ শিৱাই হিন্দী ধাৰাবাহিক চিৰিয়েলৰ জনপ্ৰিয় অভিনেতা বোম্বাইৰ হৰ্ষোৱৰ্ধন ৰাণাৰ বিপৰীতে অভিনেতা নিলিম দত্তই মাধৱদেৱৰ চৰিত্ৰত অভিনয় কৰিছে। ধাৰাবাহিকখনৰ পৰিচালনাৰ দায়িত্বত আছে দক্ষিণ ভাৰতৰ জীয়ৰী তথা অসমৰ বোৱাৰী তথা খ্যাতি সম্পন্ন পৰিচালিকা মায়া ছেঞ্জি দাস ৷ মামনী বৰা মাক্ৰাৰীৰ প্ৰযোজনাত নিৰ্মিত ধাৰাবাহিকখনত নৰনাৰায়ণৰ চৰিত্ৰত অসমৰ জনপ্ৰিয় অভিনেতা অৰূপ বৰা,চিলাৰায়ৰ চৰিত্ৰত প্ৰধান দেউৰী আৰু খেৰসুতিৰ চৰিত্ৰ ৰূপায়ণ কৰিছে চলচ্চিত্ৰ অভিনেত্ৰী ৰীণা বৰাই ৷ কাহিনীৰ ব্যৱস্থাপনাত আছে ডঃ সঞ্জীৱ বৰকাকতি ।

প্ৰথমবাৰৰ বাবে হিন্দী ভাষাত শংকৰদেৱৰ জীৱনীমূলক ধাৰাবাহিক

মায়া ছেঞ্জি দাসে জানিবলৈ দিয়া মতে, মহাপুৰুষ দুজনাৰ ওপৰত নিৰ্মিত ধাৰাবাহিকখন ১৩ টা খণ্ডত প্ৰচাৰৰ অনুমতি প্ৰদান কৰিছে দূৰদৰ্শনৰ কৰ্তৃপক্ষই ৷ ইতিমধ্যে অসমৰ বিভিন্ন ভিতৰুৱা গাঁৱৰ হৰিনাম ঘৰ আৰু নদ-নদীত ছবিখনৰ চিত্ৰ গ্ৰহণৰ কাম সম্পন্ন কৰা হৈছে ৷ শদিয়াৰ পৰা ধুবুৰীলৈ বিস্তাৰিত শংকৰদেৱ আৰু মাধৱদেৱৰ সৃষ্টিৰাজিৰ হৰিনামৰ তাৎপৰ্য আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ ক্ষেত্ৰখনক এই হিন্দী ধাৰাবাহিকখনত উপস্থাপনৰ ব্যৱস্থা কৰা হৈছে। শংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ শীৰ্ষক আৰু মাধৱদেৱৰ নামঘোষা অসমীয়া ভাষাৰ পৰা হিন্দী আৰু ইংৰাজীলৈ অনুবাদ কৰি সমাদৰ লাভ কৰা মায়া ছেঞ্জি দাসে লগতে কয় যে ’শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ আত্মজীৱনীৰ ওপৰত হিন্দী ধাৰাবাহিক চিৰিয়েলখন নিৰ্মাণৰ বাবে ২ টা বছৰ প্ৰস্তুতিৰ অন্তত সফল সমাপ্তি হোৱাৰ দিশত ৷’ উল্লেখ্য যে,উজনি অসমৰ ডিব্ৰুগড়,ধেমাজি,তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলৰ বহু নতুন মুখৰ শিল্পীয়ে মায়া ছেঞ্জি দাসৰ পৰিচালনাত নিৰ্মিত মহাপুৰুষ দুজনাৰ ধাৰাবাহিকখনত অভিনয়ৰ সুযোগ লাভ কৰিছে ৷ জকাই অঞ্চলৰ ভকত-বৈঞ্চৱসকলে মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজি আৰু আত্মজীৱনীৰ ওপৰত নিৰ্মিত হিন্দী অনুবাদ ধাৰাবাহিকখন নিৰ্মাণৰ কাৰিকৰী দিশত পূৰ্ণ সহযোগিতা লাভ কৰা বুলিও জানিবলৈ দিছে।

ABOUT THE AUTHOR

...view details