তিনিচুকীয়া, ১৬ নৱেম্বৰ : সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত নিখিল ভাৰত যুৱ কংগ্ৰেছে মহিলা সৱলীকৰণ "Shakti Super she" ৰ অভিযানেৰে সাধাৰণ মহিলাসকলক ৰাজনৈতিক ক্ষেত্ৰত সহজে যোগদান কৰি সুকীয়া স্থান দখল কৰাৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে । তেনে এক মহান উদ্দেশ্য আগত ৰাখি বুধবাৰে সন্ধিয়া মাকুম বিধানসভা সমষ্টিৰ ৰাজগড় আলি চাহ বাগিচাত অসম প্ৰদেশ কংগ্ৰেছ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক বাবলু কুলদ্বীপৰ নেতৃত্বত মহিলা সৱলীকৰণ "Shakti Super she" ৰ অভিযানৰ এক বিশাল সভা আয়োজন কৰা হয় ।
উক্ত অনুষ্ঠানত মুখ্য অতিথি অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ যুটীয়া সম্পাদক তথা যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় প্ৰভাৰী কৃষ্ণ আলাভাৰুক সাংস্কৃতিক নৃত্য দলে উষ্ম আদৰণি জনায় । সভাত চাহ বাগিচাৰ শ্ৰমিকসকলৰ বিভিন্ন ধৰণৰ সমস্যাসমূহৰ ওপৰত উপস্থিত ৰাইজৰ সৈতে মত-বিনিময় কৰা হয় ৷ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, বিদ্যুৎ মাচুলৰ বৃদ্ধি, ৰন্ধন গেছৰ বৰ্ধিত মূল্য, ৰাজ্যৰ আশা কৰ্মীসকলৰ মজুৰিৰ ওপৰত আলোচনা কৰা হয় । GST ৰ প্ৰভাৱে জনসাধাৰণক জুৰুলা কৰি পেলোৱাত উক্ত অনুষ্ঠানৰ অন্তত GST ক গব্বৰ সিং টেক্স আখ্যা প্ৰদান কৰে AICC ৰ যুটীয়া সম্পাদক কৃষ্ণ আলাভাৰুয়ে ।