অসম

assam

ETV Bharat / state

মাৰ্ঘেৰিটাত বিশিষ্ট সাংবাদিক জগত চাংমাইৰ জন্মদিন উদযাপন - জন্মদিন

বিশিষ্ট সাংবাদিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত জগত চাংমাইৰ ওপজা দিন উদযাপন ৷ মঙলবাৰে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উদ্যোগত জন্মদিন উদযাপন কৰি তেওঁৰ ‘জগত অভিনন্দন’ গ্ৰন্থ উন্মোচন কৰে ৷ অনুষ্ঠানত 28 টা দল-সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে জগত চাংমাইক ৷

reporter jagat changmai birthday
বিশিষ্ট সাংবাদিক জগত চাংমাইৰ জন্মদিন উদযাপন

By

Published : Dec 2, 2020, 11:56 AM IST

মাৰ্ঘেৰিটা,2 ডিচেম্বৰ : মঙলবাৰে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই ৰূপায়ন কৰে এক ব্যতিক্ৰমী কাৰ্যসূচী ৷ বিশিষ্ট সাংবাদিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত জগত চাংমাইৰ ওপজা দিন উদযাপন কৰি তেওঁৰ ‘জগত অভিনন্দন’ গ্ৰন্থ উন্মোচন কৰা হয় ৷ মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উদোগত লিডু শংকৰদেৱ বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত উদযাপন বিশিষ্ট সাংবাদিক গৰাকীৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

বিশিষ্ট সাংবাদিক জগত চাংমাইৰ জন্মদিন উদযাপন

সমীৰণ বৰঠাকুৰ আৰু মানস প্রতীম গগৈয়ে আঁত ধৰা তথা ডেৰশতাধিক গুণগ্ৰাহীৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণিতে কেক্ কাটি জন্মদিন উদযাপন কৰাৰ লগতে মুঠ 28 টা দল-সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে জগত চাংমাইক ৷ অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে জগত চাংমাইৰ জীৱনৰ বিভিন্ন দিশ সামৰি আলোকপাত কৰাৰ লগতে তেওঁৰ বৰ্ণময় কৰ্মজীৱনৰ গুণানুকীৰ্তন কৰে । আনহাতে পথাৰ শিল্পী খ্যাত বিশিষ্ট কণ্ঠশিল্পী লোহিত গগৈয়ে গীত পৰিৱেশনেৰে অনুষ্ঠানটো অধিক জীপাল কৰি তোলে ৷ অন্তৰংগ অনুষ্ঠানত জগত চাংমাইয়ে এয়া জীৱনৰ আটাইতকৈ সফল প্ৰাপ্তি বুলি উল্লেখ কৰি তেওঁৰ ওপজা দিন উদযাপনে তেখেতৰ জীৱনটো সাৰ্থক কৰিলে বুলি ব্যক্ত কৰাৰ লগতে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ ভূমিকাক প্ৰশংসা কৰে ।

বিশিষ্ট সাংবাদিক জগত চাংমাইৰ জন্মদিন উদযাপন

উল্লেখ্য যে, 1972 চনত দৈনিক জনমভূমি কাকতৰ লিডুৰ নিজা বাতৰি দিওঁতা হিচাপে সাংবাদিকতা ক্ষেত্ৰত আত্মপ্ৰকাশ কৰিছিল সাংবাদিক চাংমাইয়ে । ইয়াৰ পূৰ্বে তেওঁ সাপ্তাহিক জনমভূমি কাকতৰ ৰেখাচিত্ৰ শিল্পী তথা কাৰ্টুনিষ্টৰূপে পৰিচয় লাভ কৰিছিল । সংবাদ জগতলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে তেওঁক 1995 চনত জনমভূমি কাকতগোষ্ঠীৰ তৰফৰ পৰা কনক চন্দ্ৰ শৰ্মা সোৱৰণী সাংবাদিকতা বঁটা প্ৰদান কৰা হয় । 1999 চনৰ পৰা প্ৰায় চাৰি বছৰ কাল ইংৰাজী দৈনিক দ্যা চেণ্টিনেল কাকততো কেইবা বছৰো সংবাদ পৰিবেশন কৰিছিল জগত চাংমাইয়ে ।

বিশিষ্ট সাংবাদিক জগত চাংমাইৰ জন্মদিন উদযাপন

নতুন দৈনিক কাকতত বহুবছৰ সংবাদ পৰিৱেশন কৰা চাংমাইয়ে নিজা সম্পাদনাত 1980 চনত ‘স্মৃতি’ আৰু 1991-96 চনলৈকে ‘প্ৰতিশ্ৰুতি’ নামেৰে দুখন জনপ্ৰিয় আলোচনীৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল । 2007 চনত মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ দ্বাৰা বৰ্ষ শ্ৰেষ্ঠ শিক্ষক আৰু উক্ত বৰ্ষতে তিনিচুকীয়া জিলা ভিত্তিত কৃতি শিক্ষকৰ বঁটা লাভ কৰা চাংমাইয়ে চিংফৌ জাতি আৰু বিচাৰজাৰ ইতিবৃত্ত, পাটকাই প্ৰেমত বন্দী তিনিটা জনগোষ্ঠী আৰু কেইটামান স্কেচ্ছ নামৰ দুখন গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে ।

লগতে পঢ়ক :নুমলীগড়ত হস্তী-মানৱৰ সংঘাত: যুৱকক গছকি আঘাতপ্ৰাপ্ত কৰাৰ দৃশ্য ভাইৰেল

ABOUT THE AUTHOR

...view details