অসম

assam

ETV Bharat / state

হাঁহ-কুকুৰাৰ ব্যৱসায়েৰে স্বাৱলম্বী শিমলুগুৰিৰ নৱনীতা - হাঁহ-কুকুৰাৰ ব্যৱসায়েৰে স্বাৱলম্বী হোৱা মহিলা গৰাকী

নিৱনুৱা সমস্যাৰে একাংশ লোক জৰ্জৰিত হৈ থকাৰ সময়তে, তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ অতি পিছপৰা এখন গাঁৱৰ এগৰাকী মহিলাই নিজ প্ৰচেষ্টাৰে স্বাৱলম্বী হৈছে ।

self-reliant woman of tinsukia
self-reliant woman of tinsukia

By

Published : May 10, 2020, 8:09 PM IST

শদিয়া, 10 মে':তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ অতি পিছপৰা ডিৰাক শিমলুগুৰি গাঁৱৰ এগৰাকী আত্মনিৰ্ভৰশীল মহিলা । নিবনুৱা সমস্যাৰে জৰ্জৰিত সময়তো তেওঁ কৰি গৈছে অৰ্থনৈতিক সংগ্ৰাম । সম্প্ৰতি ছ'চিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে নৱনীতা নেওগ বৰুৱা নামৰ মহিলাগৰাকী । মহিলা গৰাকীয়ে এখন স্কুটীত থলুৱা হাঁহ-কুকুৰাৰে ভৰা কেইবাটাও সজা লৈ উঠা এখন ফটোৱে চৰ্চা লাভ কৰিছে ছ'চিয়েল মিডিয়াত ।

হাঁহ-কুকুৰাৰ ব্যৱসায়েৰে স্বাৱলম্বী হোৱা মহিলা গৰাকী

প্ৰথমাৱস্থাত এখন চাইকেলেৰে 2011 চনৰ পৰাই মহিলা গৰাকীয়ে বিভিন্ন গাঁৱত অথবা গ্ৰাম্য বজাৰত হাঁহ-কুকুৰা খুচুৰা দামত সংগ্ৰহ কৰি, অঞ্চলটোৰ মূল বজাৰ কাকপথাৰত আনি বিক্ৰী কৰে । তাৰ পাচত তেওঁৰ ব্যৱসায়ৰ সম্প্ৰসাৰণ ঘটে মূল বজাৰ তিনিচুকীয়ালৈ । পৰৱৰ্তী সময়ত তেওঁ ব্যৱসায়ৰ পৰা আৰ্জিত ধনেৰে এখন স্কুটী ক্ৰয় কৰে আৰু নিতৌ পুৱা প্ৰায় 4-5 বজাতে কাকপথাৰ, ডুমডুমা, ৰূপাই, তিনিচুকীয়া, ডিগবৈ, দুলীয়াজান আদি ভিন্ন বজাৰত নিজে গৈ হাঁহ-কুকুৰা বিক্ৰী কৰে । বিগত 9 বছৰে তেওঁ অব্যাহত ৰাখিছে এই ব্যৱসায় । যি ব্যৱসায়ৰ পৰা তেওঁ বছৰি 2 ৰ পৰা 3 লাখ টকা উপাৰ্জন কৰে বুলি উল্লেখ কৰে । জীৱন সংগ্ৰামৰ যুঁজত হাৰ নমনা মহিলা গৰাকী আজি বহুতৰ বাবে আদৰ্শ হৈ পৰিছে । দুটাকৈ পুত্ৰ সন্তানৰ মাতৃ নৱনীতাৰ স্বামী এগৰাকী কৃষক ।

লগতে পঢ়কঃদুই শিক্ষকৰ প্ৰচেষ্টাত লক্ ডাউনৰ মাজতে অব্যাহত আছে পাঠদান

ABOUT THE AUTHOR

...view details