তিনিচুকীয়া, 7 জানুৱাৰী : বিগত কিছুদিনৰ পৰা তিনিচুকীয়াৰ ফিল'বাৰীৰ বিভিন্ন অঞ্চলত দ্ৰুত গতিত চলি আছে ভূ-কম্পন জৰীপৰ কাম (Seismic exploration experiment in Philobari) । এই জৰীপৰ বাবে কৰিব লগীয়া হৈছে বোমা বিস্ফোৰণ ৷ ইয়াৰ ফলত ইতিমধ্যে ফিল'বাৰীৰ বহু অঞ্চলৰ বাসগৃহসমূহৰ লগতে বিদ্যালয়ৰ পকী খুটা আৰু পকী দেৱালসমূহত মেলিছে ফাঁট ।
স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি ভূ-কম্পন জৰীপৰ বাবে কাটি তহিলং কৰা হৈছে বহু মূল্যবান গছ-গছনি ৷ আনকি, এই জৰীপৰ বাবেই কৃষিভূমিতো ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে (Seismic exploration effect in Philobari) ৷ কিন্তু, আচৰিত কথা যে, জিলাখনত সদা সৰৱ ভূমিকা পালন কৰি অহা দল-সংগঠন, পৰিৱেশকৰ্মী সকলোৱে এই ক্ষেত্ৰত পালন কৰিছে নীৰৱ দৰ্শকৰ ভূমিকা ৷