তিনিচুকীয়া, 29 এপ্ৰিল:অপহৰণৰ 48 ঘণ্টাৰ পাচতো সন্ধান নাই দীনেশ শৰ্মাৰ (Kidnapping at Arunachal) ৷ বুধবাৰে অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ চৌখামৰ তেলৰ ডিপোত নিশা প্ৰায় 7.50 বজাত ডিপোটোৰ কৰ্মচাৰী (কেচিয়াৰ) বিহাৰৰ দীনেশ শৰ্মাক 3 জনীয়া অস্ত্ৰধাৰী এটা দলে অপহৰণ কৰি নিয়াৰ পিচতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে (no trace of abducted Dinesh Sharma) ৷ হাতত উদ্যত মাৰণাস্ত্ৰ লৈ তিনিজনীয়া অচিনাক্ত বন্দুকধাৰীয়ে দীনেশ শৰ্মাক অপহৰণ কৰাৰ পাচতেই অৰুণাচলৰ গৃহ বিভাগতো জোকাৰণিৰ সৃষ্টি হৈছে (Kidnapping at Namsai) ৷
শনিবাৰে এই সন্দৰ্ভত নামচাই জিলাৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া অনুসৰি, অপহৰণকাৰী দলটোৱে পেট্ৰ’ল ডিপুৰ মেনেজাৰৰ সন্মুখতে মালিকক 5 কোটি টকাৰ মুক্তিপণ দিবলৈ কৈ গৈছিল (kidnappers demand 5 crore) ৷ এই পৰ্যন্ত কোনো এটা বিদ্ৰোহী সংগঠনে অপহৰণৰ দ্বায়িত্ব স্বীকাৰ কৰা নাই ৷ গতিকে এতিয়ালৈ কাকো সন্দেহ কৰিব পৰা নাই ৷
নামচাই চৌখামৰ ভাৰত পেট্ৰলিয়ামৰ তেলৰ ডিপোটোৰ পৰা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে গোপন কেমেৰাৰ দৃশ্য সংগ্ৰহ কৰি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে (CCTV footage of kidnapping) । অপহৰণকাণ্ড সংঘটিত হোৱাৰ সময়ত ডিপোৰ গোপন কেমেৰাত বন্দী হোৱা দৃশ্য অনুসৰি সম্পূৰ্ণ সুসজ্জিত হৈ আহিছিল দলটো ৷ দলটোৱে হাতত AK47 ৰ দৰে মাৰণাস্ত্ৰ লৈ অহাৰ লগতে বুলেটপ্ৰুফ পৰিধান কৰি আহিছিল ৷ ইয়াৰ পৰা এটাই অনুমান কৰিব পাৰি যে এয়া সহজভাৱে ল’ব পৰা ঘটনা নহয় ৷ এয়া নিশ্চয় শক্তিশালী সংগঠনে সম্পূৰ্ণ পৰিকল্পিতভাৱেই কৰা অপহৰণকাণ্ড ৷