অসম

assam

ETV Bharat / state

Scooty distribution in Tinsukia: তিনিচুকীয়াত কৃতী শিক্ষাৰ্থীৰ মাজত স্কুটী বিতৰণ - Minister Sanjay Kishan

2022 বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত তিনিচুকীয়া জিলাৰ পৰা কৃতিত্ব আৰ্জিবলৈ সক্ষম হোৱা ১০২৫ গৰাকী শিক্ষাৰ্থীক আজি প্ৰদান কৰা হয় ড৹ বাণীকান্ত কাকতি মেধা বঁটা(Scooty distribution in tinsukia) ৷

Scooty distribution in tinsukia
Scooty distribution in tinsukia: কৃতী শিক্ষাৰ্থীৰ মাজত স্কুটী বিতৰণ

By

Published : Dec 9, 2022, 6:44 PM IST

তিনিচুকীয়া,9 ডিচেম্বৰ:অসম চৰকাৰৰ অভিলাষী আঁচনিৰ অধীনত প্ৰদান কৰি অহা ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান আজি তিনিচুকীয়া জিলাত প্ৰদান কৰা হয় ৷ জিলাখনৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীক আজি আনুষ্ঠানিকভাৱে স্কুটী বিতৰণ কৰা হয় ৷ জিলাখনৰ বাণিজ্য মহাবিদ্যালয়ত আয়োজন কৰা হয় এই বিতৰণ কাৰ্যসূচীৰ ৷ অনুষ্ঠানটোত উপস্থিত থাকে পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস(Scooty distribution in tinsukia) ৷

কৃতী শিক্ষাৰ্থীৰ মাজত স্কুটী বিতৰণ

অনুষ্ঠানটোৰ আৰম্ভণি হয় অসম সংগীত পৰিৱেশনেৰে ৷ তাৰ পাছতেই ড৹ বাণীকান্ত কাকতিৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্জ্বলন কৰা হয় ৷ তাৰ পাছতেই 2022 বৰ্ষত অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত 60 শতাংশ অথবা ততোধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা কৃতী ছাত্ৰী সকললৈ স্কুটী বিতৰণ কৰা হয়(Scooty distribution among students in Tinsukia) ৷ লগতে 75 % অথবা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ সকলকো প্ৰদান কৰা হয় স্কুটী ৷

সৰ্বমুঠ ১০২৫ গৰাকী ছাত্ৰ ছাত্ৰীলৈ আজিৰ অনুষ্ঠানটোৰ জৰিয়তে স্কুটী বিতৰণ কৰা হয় ৷ তিনিচুকীয়াৰ বাণিজ্য মহাবিদ্যালয়ত আয়োজিত এই বঁটা প্ৰদান অনুষ্ঠানত অনুষ্ঠানটো সন্দৰ্ভত ক’বলৈ গৈ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে ড৹ বাণীকান্ত কাকতিক প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী তথা নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্য আগত ৰাখিয়েই বিদগ্ধ পণ্ডিত গৰাকীৰ নামত প্ৰতি বছৰে এই বঁটা প্ৰদান কৰি অহা হৈছে ৷

উক্ত অনুষ্ঠানত ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ (স্বতন্ত্ৰ) আৰু ৰাজ্যিক শ্ৰমিক কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ (Minister Sanjay Kishan), জিলাখনৰ বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে । ৰাজ্য চৰকাৰৰ এই বঁটা লাভ কৰি যথেষ্ঠ উৎফুল্লিত হৈ পৰে কৃতী শিক্ষাৰ্থী সকল ।

লগতে পঢ়ক:Gujrat election 2022: আপ চলি আছে বিজেপিৰ এজেণ্ডাত

ABOUT THE AUTHOR

...view details