অসম

assam

By

Published : Aug 30, 2020, 4:42 AM IST

ETV Bharat / state

এবছৰত নিৰ্মাণ হ’ব লগীয়া গড়কাপ্তানি পথৰ আধাও হৈ নুঠিল দুবছৰে

৩২৪,৪৪ লাখ টকাৰে ৪.৫০ কি:মি: দৈঘ্যৰ এটা পথৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই দুবছৰে ৷ নিবিদা আদায়ৰ সময়ত নিৰ্মাণৰ বাবে সময় ধাৰ্য কৰা হৈছিল এবছৰ ৷ কিন্তু এবছৰৰ ভিতৰত কাম আধৰুৱা কৰি বৰ্তমানলৈকে পথটোৰ নিৰ্মাণৰ কাম পেলাই থৈছে ঠিকাদাৰে ৷

road construction
road construction

শদিয়া, 29 আগষ্ট : তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ডিৰাক পাৱৈ হৈ 2নং ডিৰাক সংযোগী পথ নিৰ্মাণত ব্যাপক দূৰ্নীতি, অনিয়ম হোৱাৰ অভিযোগ ৷ ৩২৪,৪৪ লাখ টকাৰে ৪.৫০ কি:মি: দৈঘ্যৰ পথটোৰ নিৰ্মাণৰ কাম ২০১৮ চনৰ আগষ্ট মাহত আৰম্ভ কৰি ২০১৯ বৰ্ষৰ আগষ্ট মাহত সমাপ্ত কৰাৰ সময়সীমা আছিল যদিও মাজত এটা বছৰ পাৰ হৈ যোৱাৰ পিছতো কাম সম্পূৰ্ণ হৈ উঠা নাই ৷

পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

বৰঞ্চ বিগত এটা বছৰে কাম বন্ধ কৰি ৰখা বুলিহে স্থানীয় ৰাইজে অভিযোগ উথাপন কৰিছে ৷ গড়কাপ্তানি বিভাগৰ ঠিকাদাৰ এম এছ বিনয় ভাৰদ্বাজে ঠিকা লাভ কৰা পথটো ডুমডুমাৰ বিনয় শৰ্মা নামৰ এজন ব্যক্তিয়ে চোৱা চিতা কৰিছিল বুলি জানিব পৰা গৈছে ৷ নৱনিৰ্মিত ৰাস্তাটোৰ কিছু অংশ নিৰ্মাণ কৰাৰ পাচতে ভাগি উৱলি যোৱাৰ লগতে সম্পূৰ্ণ পথটোত ৪ টাকৈ কালভাৰ্ট নিৰ্মাণ কৰিব লাগে যদিও সকলো বিলাক আধাৰুৱাকৈয়ে বিগত এটা বছৰে পেলাই ৰাখিছে ঠিকাদাৰ গৰাকীয়ে ৷ ৰাজ্য চৰকাৰ তথা ৰাজ্যৰ গড়কাপ্তানি মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এনে ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

এবছৰত নিৰ্মাণ হ’ব লগীয়া গড়কাপ্তানি পথৰ আধাও হৈ নুঠিল দুবছৰে

লগতে পঢ়ক :আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

ABOUT THE AUTHOR

...view details