তিনিচুকীয়া, ৬ নৱেম্বৰ : অন্ত পৰা নাই বাৰেকুৰি গাঁও পঞ্চায়তৰ অভিযোগ-প্ৰতি অভিযোগৰ । উল্লেখ্য যে ২৬ অক্টোবৰত বাৰেকুৰি পঞ্চায়তত সংঘটিত হৈ থকা অৰুণোদয় আঁচনি, জব কার্ড, ৰেচন কাৰ্ড কৰ্তন কৰাকে আদি কৰি বিভিন্ন ধৰণৰ দুৰ্নীতিৰ বিৰুদ্ধে এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছেল । এই অভিযোগবোৰ উত্থাপন কৰি দীঘলসাঁকো গাঁওস্থিত বাৰেকুৰি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সমীপৰ ৰাজহুৱা খেলপথাৰত দুৰ্নীতিৰ বিৰুদ্ধে এই ৰাজহুৱা সভাখন অনুষ্ঠিত হৈছিল ।
এই সভাখনৰ পাছতে ১ নৱেম্বৰত বাৰেকুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী নিকুঞ্জ মহন্ত চেতিয়াই ওচৰ-পাজৰৰ কিছুসংখ্যক লোকক লৈ এক সংবাদমেলৰ আয়োজন কৰে । তেওঁ সংবাদ মাধ্যমৰ আগত যুক্তিসহকাৰে স্পষ্টীকৰণ দিয়ে যদিও শেহতীয়াকৈ লাভ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি সোমবাৰে পুনৰ বাৰেকুৰি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সমীপৰ ৰাজহুৱা খেলপথাৰত দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজৰ সহযোগত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে । উক্ত সভাত ৭০ ঊৰ্ধ্বৰ বয়োজ্যেষ্ঠ লোকৰ পৰাও কষ্টোপাৰ্জিত ২০০০ টকা গ্ৰহণ কৰাৰ কথা সংবাদ মাধ্যমৰ আগত নিজ মুখেৰে ব্যক্ত কৰে ।
ইয়াৰ উপৰি মাছমৰীয়াৰ পৰাও টকা লোৱাৰ অভিযোগ উত্থাপন কৰে । আনহাতে, পঞ্চায়ত সভানেত্রী নিকুঞ্জ মহন্ত চেতিয়াই ৱাৰ্ড সদস্যসকলৰ সৈতে ৭১৭ গৰাকী লোকৰ পৰা ২০০০ টকাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান কৰাৰ নামত আগধন হিচাপে লোৱাৰ অভিযোগ উত্থাপন হয় । ইয়াৰ বিপৰীতে হিতাধিকাৰীৰ পৰা গ্ৰহণ কৰা ২০০০ টকাৰে একাউণ্ট খুলি দিয়াৰ ব্যৱস্থা কৰা হৈছিল বুলি ১ নৱেম্বৰত সংবাদ মাধ্যমৰ আগত তেওঁ স্পষ্টীকৰণ দিছিল ।