শদিয়া, 21 এপ্ৰিল : চুতীয়া জনগোষ্ঠী মহিলা সন্মিলন চেঙেলীজান শাখা সমিতিৰ উদ্যোগত চেঙেলীবাসী ৰাইজৰ সহযোগত চেঙেলীত উদযাপন বীৰংগনা সতী সাধনী স্মৃতি দিৱস ৷ পুৱা পতাকা উত্তোলন কাৰ্যসূচীৰে উক্ত অনুষ্ঠানৰ আৰম্ভ কৰি স্মৃতি তৰ্পন, মাল্যাৰ্পন, বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা আদি ভিন্ন কাৰ্যসূচী হাতত লোৱা হয় ৷
কাকপথাৰৰ চেঙেলীজানত সতী সাধনী স্মৃতি দিৱস উদযাপন - সতী সাধনী স্মৃতি দিৱস
নাৰী শক্তিক একগোট কৰি যুদ্ধৰ ঘোষণা কৰা চুতীয়া জনগোষ্ঠীৰ বীৰাংগনাগৰাকীক ৰাজ্যজুৰি স্মৰণ
![কাকপথাৰৰ চেঙেলীজানত সতী সাধনী স্মৃতি দিৱস উদযাপন](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3066997-thumbnail-3x2-kjnlj-jpg.jpg)
সতী সাধনী স্মৃতি দিৱস উদযাপন
সতী সাধনী স্মৃতি দিৱস উদযাপন
নিজৰ জাতিৰ বাবে সৰ্বস্ব ত্যাগেৰে আত্মবলিদান দিয়া বীৰ নমস্য নাৰীগৰাকীৰ আদৰ্শক জীয়াই ৰখাৰ লগতে নৱপ্ৰজন্মৰ লগতে নাৰী সমাজে যাতে তেওঁৰ আদৰ্শ,অনুপ্ৰেৰণালৈ আগুৱাই যাব পাৰে তাৰ বাবে আয়োজন কৰা হয় এই অনুষ্ঠানৰ ৷