মাৰ্ঘেৰিটা, 31 জানুৱাৰীঃ উত্তৰ-পূবৰ অন্যতম সু-সংগঠিত বৰ্ণময় পৰম্পৰাগত নৃত্য প্ৰধান উৎসৱ স্বপং য়ং মানাও পয় । চিংফৌসকলৰ এই জাতীয় উৎসৱটি প্ৰতিবছৰে অসম অৰুণাচলৰ ভিন্ন স্থানত উদযাপন কৰা হয় । চলিত বৰ্ষত ১২ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈকে ৪ দিনীয়া কাৰ্যসূচীৰে স্বপং য়ং মানাও পয় উদযাপন কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে অসম অৰুণাচল প্ৰদেশ সীমান্তৰ্বতী মাৰ্ঘেৰিটাৰ ইনথেম গাঁৱত । অসম অৰুণাচলৰ বিশেষ ব্যক্তিক লৈ গঠিত উদযাপন সমিতিয়ে উৎসৱটি সফলতাৰে উদযাপনৰ ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে ৷ এইবছৰো দেশৰ বিভিন্ন প্ৰান্তৰ লগতে চীন ম্যানমাৰ ইণ্ডোনেচিয়া মালেয়েচিয়া, আদি বিভিন্ন চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা আহিব বহু সংখ্যক প্ৰতিনিধি ।
মাৰ্ঘেৰিটাৰ ইনথেম গাঁৱত জাতীয় উৎসৱ স্বপং য়ং মানাও পয় - মাৰ্ঘেৰিটাৰ ইনথেম গাঁও
চিংফৌসকলৰ জাতীয় উৎসৱ স্বপং য়ং মানাও পয় অনুষ্ঠিত হ'ব মাৰ্ঘেৰিটাত ৷ চলিত বৰ্যৰ ১২ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈকে ৪ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ'ব মাৰ্ঘেৰিটাৰ ইনথেম গাঁৱত ৷
![মাৰ্ঘেৰিটাৰ ইনথেম গাঁৱত জাতীয় উৎসৱ স্বপং য়ং মানাও পয় মাৰ্ঘেৰিটা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5905252-487-5905252-1580450363239.jpg)
মাৰ্ঘেৰিটাৰ ইনথেম গাঁৱত জাতীয় উৎসৱ স্বপং য়ং মানাও পয়
মাৰ্ঘেৰিটাৰ ইনথেম গাঁৱত জাতীয় উৎসৱ স্বপং য়ং মানাও পয়