অসম

assam

ETV Bharat / state

পাটকাইৰ কয়লা খননৰ বিৰুদ্ধে সন্মিলিত সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ

পাটকাই অভয়াৰণ্যত কয়লা খনন আৰু ডিব্ৰু ছৈখোৱাত অইলৰ খননৰ বিৰুদ্ধে কাকপথাৰৰ ডিৰাকত অসম অৰুণাচল প্ৰদেশৰ সীমান্তত অঞ্চলটোৰ বহুকেইটা সংগঠনৰে গঠিত "সন্মিলিত সংগ্ৰামী মঞ্চ"ই হাতে হাতে প্লে-কাৰ্ড লৈ মানৱ শৃংখল কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অতি শীঘ্ৰে উক্ত অঞ্চলত কয়লা খনন বন্ধ কৰিবলৈ চৰকাৰ প্ৰশাসনক তীব্ৰ হুমকা দিয়ে সংগঠনটোৰ সদস্য সকলে ৷

ETV BHARAT
পাটকাইৰ কয়লা খননৰ বিৰুদ্ধে সন্মিলিত সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ

By

Published : May 23, 2020, 7:37 PM IST

শদিয়া,23 মেঃ দিহিং পাটকাই অভয়াৰণ্যত কয়লা খনন আৰু ডিব্ৰু-ছৈখোৱাত অইলৰ খননৰ অনুমতিৰ বিৰুদ্ধে ডিৰাক সীমান্তত সন্মিলিত সংগ্ৰামী মঞ্চৰ তীব্ৰ প্ৰতিবাদ ৷ ৰাজ পথত হাতে হাতে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্য সকলে ৷

পাটকাইৰ কয়লা খননৰ বিৰুদ্ধে সন্মিলিত সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ

দিহিং পাটকাই কয়লা খনন আৰু ডিব্ৰু ছৈখোৱাত অইলৰ খননৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন দল সংগঠনে উত্তাল প্ৰতিবাদ কৰিছে ৷ ইতিমধ্যে বিভন্ন সংবাদ মাধ্যমত কয়লা খননৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰো হৈছে ৷ তেনে সময়তে কাকপথাৰৰ ডিৰাকত অসম অৰুণাচল প্ৰদেশৰ সীমান্তত অঞ্চলটোৰ বহুকেইটা সংগঠনৰে গঠিত "সন্মিলিত সংগ্ৰামী মঞ্চ"ই হাতে হাতে প্লে-কাৰ্ড লৈ মানৱ শৃংখল কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাষ্ট্ৰীয় ব্যনপ্ৰাণী ব’ৰ্ডে(NBWL) দিহিং পাটকাই অভয়াৰণ্যৰ অন্তৰ্গত হস্তীৰ বাবে সংৰক্ষিত বনাঞ্চলৰ ৯৮.৫৯ হেক্টৰ ভূমিত ক’ল ইণ্ডিয়া লিমিটেডৰ কয়লা খননৰ বাবে দিয়া প্ৰস্তাৱক সেউজ সংকেট প্ৰদান কৰাৰ পাছতে প্ৰকৃতি প্ৰেমী আৰু বিভিন্ন দল সংগঠনে তীব্ৰ বিৰোধিতা কৰিছে ৷ আৰু কোনো কাৰণতে বনাঞ্চল দুখনত এনে জৈৱ বৈচিত্ৰলৈ আহিব পৰা ভাবুকিৰ ক্ষেত্ৰত কোনো আপোচ নকৰো বুলি সংগ্ৰামী মঞ্চই হুংকাৰ দিয়ে ৷ অতি শীঘ্ৰে উক্ত অঞ্চলত কয়লা খনন বন্ধ কৰিবলৈ চৰকাৰ প্ৰশাসনক তীব্ৰ হুমকা দিয়ে সংগঠনটোৰ সদস্য সকলে ৷ উক্ত কাৰ্য়সূচীত সংগ্ৰামী মঞ্চৰ শতাধিক সদস্যৰ লগতে মটক যুৱ ছাত্ৰ পৰিষদ, কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদ, তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ জিলা সমিতিৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক-কৰিমগঞ্জত কোৱাৰেণ্টাইন কেন্দ্ৰত চৰম বিশৃংখলতা

ABOUT THE AUTHOR

...view details