ডিগবৈ,18জুন : শুকুৰবাৰে তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলত ছেনিটাইজেচন কাৰ্যসুচী হাতত লয় তিনিটাকৈ সংগঠনে ৷ কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মীলন আৰু টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত ডুমডুমা অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত এই কাৰ্যসুচী হাতত লোৱা হয় ৷
কাকপথাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি জিলাখনৰ বন বিভাগৰ কাৰ্যালয়, আৰক্ষী থানা, কাকপথাৰ চহৰ, দৈনিক বজাৰ, চিকিৎসালয়, বেংক ইত্যাদি ঠাইত চেনিটাইজ কৰে সংগঠন কেইটাৰ সদস্য সকলে ৷ সংগঠনকেইটাৰ সদস্য সকলে ছেনিটাইজেচন কৰাৰ লগতে কাকপথাৰবাসীক সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনায় ৷
কাকপথাকাকপথাৰত তিনি সংগঠনৰ উদ্যোগত ছেনিটাইজেচনৰ কাৰ্যসুচীৰত ছেনিটাইজেচন কাৰ্যসুচী তিনিটা সংগঠনৰ উল্লেখ্য যে, ৰাজ্যত মহামাৰী কৰ'ণাই সন্ত্ৰাস সৃষ্টি কৰাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে মিনি লকডাউন ৷ ৰাজ্যত বৰ্তমান সময়ত মিনি লকডাউনৰ লগতে বন্ধ আছে আন্ত:জিলা যাতায়ত ব্যৱস্থা ৷ চৰকাৰৰ লগতে বিভিন্ন দল-সংগঠনে ৰাজ্যৰ সকলো প্ৰান্ততে কৰ'ণা ভাইৰাছৰ পৰা ৰক্ষা পাবৰ বাবে ছেনিটাইজেচন প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷ ৰাজ্যৰ গাঁওসমূহতো ছেনিটাইজেচন প্ৰক্ৰিয়া অব্যাহত ৰখাৰ লগতে দল-সংগঠন সমূহে ৰাইজৰ মাজত সজাগতা অনাৰ চেষ্টা অব্যাহত ৰাখিছে ৷
ইপিনে, শুকুৰবাৰে তিনিচুকীয়া জিলাৰ ভিন্ন প্ৰান্তত কৰ'ণা মহামাৰীৰ সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ লগতে ছেনিটাইজেচন কৰাৰ প্ৰক্ৰিয়াক শলাগ জনায় তিনিচুকীয়াবাসীয়ে ৷ জিলাখনৰ ৰাইজক সচেতন কৰাৰ বাবে সংগঠন তিনিটাই গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে সংগঠন তিনিটাৰ সদস্য সকলক ধন্যবাদ জনায় জিলাখনৰ সকলো ৰাইজে ৷
অন্য এক খবৰৰ বাবে:অৱশেষত বাতিল হ’ল HSLC & HS ৰ চূড়ান্ত পৰীক্ষা