শদিয়া, 29 জানুৱাৰীঃডুমডুমা মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী শিৱানী চেতিয়া ৷ চকুত জীৱন গঢ়াৰ অজস্ৰ সপোন কঢ়িয়াই লৈ ফুৰা সময়তে Sistemic Sclerosis নামৰ ৰোগত আক্ৰান্ত ছাত্ৰী গৰাকী ৷ তিনিচুকীয়া জিলাৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰাৰ লগতে ডিব্ৰুগড় মেডিকেলত চিকিৎসা কৰিছে যদিও সুফল লাভ কৰা নাই ছাত্ৰী গৰাকীয়ে ৷ উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ নিবলৈ চিকিৎসকে পৰাৰ্মশ আগবঢ়াইছে যদিও আৰ্থিক দৈন্যতাই হেঙাৰ হিচাপে থিয় দিছে পৰিয়ালটোৰ ৷
অৰ্থৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত ডুমডুমাৰ শিৱানী ! - sadiya unknown disease collage girl
Sistemic Sclerosis নামৰ অচিন ৰোগত আক্ৰান্ত ডুমডুমা মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী শিৱানী চেতিয়া ৷ আৰ্থিক দৈন্যতাই হেঙাৰ হিচাপে থিয় দিয়া পৰিয়ালটোৰ হাতত নাই চিকিৎসা ব্যয় ৷ যাৰ বাবে ৰাইজলৈ আৰ্থিক অনুদান বিচাৰিছে ছাত্ৰী গৰাকীৰ পৰিয়ালে ৷
কৃষি কৰ্মৰে পৰিয়াল পোহপাল দিয়া সুনেশ্বৰ চেতিয়া আৰু লাবণ্য চেতিয়াৰ কণ্যা শিবানী চেতিয়াক উন্নত চিকিৎসাৰ বাবে লাগে হৃদয়বান লোকৰ সহায়ৰ হাত ৷ স্থানীয় বিধায়ক বলিন চেতিয়াক যোগাযোগ কৰাত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে বিধায়ক গৰাকীয়ে ৷ আনহাতে, ছাত্ৰী গৰাকীৰ সহায়ৰ উদ্দেশ্যৰে ওলাই আহিছে মৰাণ ছাত্ৰ সন্থাৰ ডিৰাক আঞ্চলিক সমিতি ৷ খেলৰ সৈতে জড়িত থকা ছাত্ৰী গৰাকীয়ে স্কুলীয়া তথা কলেজ জীৱনত খেলৰ জৰিড়তে নিজকে চিনাকী দিছিল ৷ সদাশয় হৃদয়বান দল-সংগঠন, ব্যক্তি বিশেষে সহায় কৰিব বিচাৰিলে অসম গ্ৰামীণ বিকাশ বেংক, কাকপথাৰ শাখৰ একাউণ্ট নম্বৰ 7158010041520, IFSC-UTBIORRBAGB, ফোন 7086894206 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালবৰ্গই ৷
আৰু পঢ়কঃ মহাৰাষ্ট্ৰৰ নাচিকত দুৰ্ঘটনা, নিহত 25