অসম

assam

ETV Bharat / state

অইল ইণ্ডিয়াৰ বিৰুদ্ধে শদিয়াবাসীৰ ৩৭ নং ৰাষ্টীয় ঘাইপথ অৱৰোধ - ৩৭ নং ৰাষ্টীয় ঘাইপথ

অইল ইণ্ডিয়াৰ তেল কঢ়িয়াই লৈ অহা টেংকাৰৰ খুন্দাত থিতাতে নিহত হোৱা শদিয়াৰ নিপৌ ঠাকুলিৰ পৰিয়ালৰ কাষ চাপিবলৈ বিগত বাৰ দিনে সময় নহ’ল অইল ইণ্ডিয়াৰ ,ক্ষোভিত ৰাইজে কৰিলে ৩৭ নং ৰাষ্টীয় ঘাইপথ অৱৰোধ ৷

sadiya road block
শদিয়াত ৰাইজৰ ক্ষোভত বন্ধ হ’ল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

By

Published : Apr 9, 2021, 8:52 PM IST

9 এপ্ৰিল,শদিয়া: যোৱা ২৯ মাৰ্চতে ছৈখোৱাৰ মেছাকী TX অইল খাদৰ পৰা খনিজ তেল কঢ়িয়াই লৈ অহা এখন টেংকাৰৰ খুন্দাত থিতাতে নিহত হৈছিল স্কুটী আৰোহী নিপৌ ঠাকুলি (৪৭) ৷

এই ঘটনাৰ আজি ১২ দিন অতিক্ৰম কৰা পাছতো তিলমানো গা নল’ৰিল অইল কতৃপক্ষৰ ৷ স্বাভাৱিকতেই এই ঘটনাই ক্ষোভিত কৰি তুলিছে স্থানীয় ৰাইজক ৷ সেইবাবেই আজি তিনিচুকীয়া জিলাৰ ন-পথাৰ তিনিআলিত ৰাষ্টীয় ঘাইপথ অৱৰোধ কৰি অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ।

অইল ইণ্ডিয়াৰ বিৰুদ্ধে শদিয়াবাসীৰ ৩৭ নং ৰাষ্টীয় ঘাইপথ অৱৰোধ

স্থানীয় একাংশই দাবী কৰে যে, অইল ইণ্ডিয়া লিমিটেডে বিগত কেইবা বছৰো ধৰি ছৈখোৱাৰ মেছাকী TX অইল খাদৰ পৰা কঢ়িয়াই লৈ গৈ আছে কোটি কোটি টকাৰ খনিজ তেল, কিন্তু আজিলৈকে ছৈখোৱা মেছাকীৰ অঞ্চলৰ কোনোধৰনৰ উন্নতিৰেই সহযোগী হোৱা নাই অইল কতৃপক্ষ ৷ তেনেক্ষেত্ৰত নিপৌ ঠাকুলীৰ পৰিয়ালবৰ্গৰ সৈতে কিয় কোনোধৰণৰ যোগাযোগ কৰিবলৈ অইল কৰ্তৃপক্ষ সক্ষম হোৱা নাই বুলি প্ৰশ্নৰ উত্থাপন হৈছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিততেই শুকুৰবাৰে ডাঙৰী আঞ্চলিক ছাত্ৰ সন্থা, নৱজ্যোতি যুৱক সংঘ, বৃহত্তৰ ডাঙৰী-সৰুধাদুম অঞ্চলৰ ৰাইজে ক্ষোভিত হৈ ২ ঘণ্টাতকৈ অধিক সময় ধৰি ৩৭ নং ৰাষ্টীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

লগতে পঢ়ক:এজাক বৰষুণতে বানত ডুবিল কলগাছিয়াৰ ব্যস্ত পথ

ABOUT THE AUTHOR

...view details