অসম

assam

ETV Bharat / state

কৰ’ণা মুক্ত হ’ল শদিয়াৰ বিধায়ক বলিন চেতিয়া

তিনিচুকীয়া লোকপ্ৰিয় গোপিনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল বিধায়ক বলিন চেতিয়া ৷ তেওঁৰ লগতে সুস্থ হৈ ঘৰলৈ উভতিল পৰিয়ালৰ আন 27 গৰাকী লোক ৷

কৰ’ণা মুক্ত হ’ল শদিয়াৰ বিধায়ক বলিন চেতিয়া
কৰ’ণা মুক্ত হ’ল শদিয়াৰ বিধায়ক বলিন চেতিয়া

By

Published : Jul 20, 2020, 3:46 AM IST

তিনিচুকীয়া, 20 জুলাইঃ কৰ’ণামুক্ত হ’ল শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া ৷ বলিন চেতিয়াৰ লগতে সুস্থ হৈ উঠে তেওঁৰ পৰিয়ালৰ 27 গৰাকী কৰ’ণা আক্ৰান্ত লোক ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে শদিয়া সমষ্টিৰ জনপ্ৰতিনিধি গৰাকীৰ দেহত ধৰা পৰিছিল ক’ভিড 19 ৷ কেৱল তেওঁৰ দেহতেই নহয়, পৰিয়াল আৰু আত্নীয়কে মিলি মুঠ 27 জনৰ দেহতো কৰ’ণা ভাইৰাছৰ সংক্ৰমণ পোৱা গৈছিল ৷ তাৰ পাচৰ পৰাই তিনিচুকীয়া লোকপ্ৰিয় গোপিনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল বিধায়ক চেতিয়াসহ পৰিয়ালৰ আন লোক সকল ৷

অৱশেষত দেওবাৰে পৰিয়াল সহ বিধায়ক গৰাকীৰ সম্পূৰ্ণ কৰ’ণা মুক্ত বুলি পৰীক্ষাৰ ফলাফল অহাত তেওঁলোকক চিকিৎসালয়ৰ পৰা অব্যাহতি দি ঘৰলৈ যাবলৈ দিয়া হয় ৷

লগতে পঢ়কঃঅখিল গগৈৰ মুক্তিৰ দাবীত বৰপেটা মেধিৰটাৰীত শতাধিক লোকৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details