শদিয়া, 3 নৱেম্বৰ : কাকপথাৰত পৰকীয়া প্ৰেম কৰি হাতে লুটে ধৰা পৰিল প্ৰেমিক-প্ৰেমিকা ৷ প্ৰেমিক প্ৰায় ৪০ বছৰীয়া আৰু প্ৰেমিকাও প্ৰায় সমবয়সৰ ৷ দুয়ো বিবাহিত ৷ প্ৰেমিকৰ আছে দুটাকৈ সন্তান ৷ প্ৰেমিকাৰো আছে দুটাকৈ সন্তান ৷ দুয়োৰে প্ৰেম দীৰ্ঘদিনীয়া ৷ এই অবৈধ প্ৰেমৰ বাবে প্ৰেমিকৰ প্ৰথম পত্নীৰ সৈতে প্ৰায়েই হৈ থাকে ঘৰুৱা কন্দল ৷ প্ৰেমিকাৰো একেই অৱস্থা ৷ এইবোৰ কাৰ্যকলাপৰ বাবে পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰিলে বৰ্তমান চৰ্চাত অহা প্ৰেমিকে ৷ প্ৰেমিক জয়ন্ত বড়াৰ সৈতে ১০/১১ বছৰৰ পুৰণি প্ৰেম মহিলাগৰাকীৰ ৷ জয়ন্তই প্ৰেমিকাৰ ঘৰ দোৱাৰ বনাই দিয়াৰ লগতে প্ৰাইভেট নাৰ্চিং হোমত ৰোগৰ অস্ত্ৰোপ্ৰচাৰৰ খৰচ বহন কৰাৰ উপৰিও অভিভাৱক হিচাপে স্বাক্ষৰো কৰিছে ৷ পূৰ্বতে জয়ন্তৰ পত্নীয়ে এইবোৰ কু কাণ্ডৰ বিষয়ে জানিব পাৰি ৰাইজ গোটাই পতি জয়ন্ত আৰু প্ৰেমিকা গৰাকীৰ অবৈধ সম্পৰ্কৰ বিষয়ে ৰাজহুৱাকৈ অৱগত কৰিছিল ৷ আৰক্ষীৰ কাষো চাপিছিল জয়ন্তৰ পত্নী ন্যায় বিছাৰি ৷ জয়ন্ত আৰক্ষী আৰু ৰাইজৰ আগত এনে ভূল পুণৰ নহয় বুলিও স্বীকাৰ কৰিছিল ৷
প্ৰেমিকাৰ সৈতে অসংযত অৱস্থাত স্বামীক ধৰা পেলালে পত্নীয়ে - চেলেংগুৰি খণ্ড উন্নয়ন
কাকপথাৰত পৰকীয়া প্ৰেম কৰি হাতে লুটে ধৰা পৰিল প্ৰেমিক-প্ৰেমিকা ৷ প্ৰেমিক প্ৰায় ৪০ বছৰীয়া আৰু প্ৰেমিকাও প্ৰায় সমবয়সৰ ৷ দুয়ো বিবাহিত ৷ প্ৰেমিকৰ আছে দুটাকৈ সন্তান ৷ প্ৰেমিকাৰো আছে দুটাকৈ সন্তান ৷ দুয়োৰে প্ৰেম দীৰ্ঘদিনীয়া ৷ এই অবৈধ প্ৰেমৰ বাবে প্ৰেমিকৰ প্ৰথম পত্নীৰ সৈতে প্ৰায়েই হৈ থাকে ঘৰুৱা কন্দল ৷ প্ৰেমিকাৰো একেই অৱস্থা ৷
প্ৰেমিকাৰ সৈতে অসংযত অৱস্থাত স্বামীক ধৰা পেলালে পত্নীয়ে
কিন্তু পুনৰ জয়ন্তৰ পত্নীয়ে চেলেংগুৰি খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অবৈধ ভাবে বাস কৰা এটা ঘৰৰ শুৱনি কোঠাত জয়ন্ত আৰু অভিযুক্ত মহিলাগৰাকীক অসংযত অৱস্থাত হাতে লুটে ধৰা পেলায় ৷ জয়ন্তই লগে লগে পলাবলৈ সক্ষম হয় যদিও মহিলাগৰাকী পলাবলৈ নোৱাৰিল ৷ জয়ন্তৰ পত্নীয়ে ৰাইজক খবৰ দিয়াৰ লগতে আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীৰ মহিলা আৰক্ষী সহ এটা দল আহি অভিযুক্ত মহিলাগৰাকীক আটক কৰি লৈ যায় ৷
লগতে পঢ়ক: শ্বেৰমান আলীক তীব্ৰ কটাক্ষ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ