অসম

assam

ETV Bharat / state

ডিগবৈৰ লক্ষীপথাৰ বনাঞ্চলত ধ্বংস যজ্ঞ;নিৰৱ বনবিভাগ

সুদীৰ্ঘ দিন ধৰি বিধায়ক সুৰেণ ফুকনৰ বাসগৃহৰ সমীপৰ বনাঞ্চলৰ পৰা মাটি খনন, শিল, বালিৰ অবৈধ বেহাৰ লগতে ব্যাপক হাৰত মূল্যবান গছ কাটি এচাম লোকে ৰমৰমীয়া ব্যবসায়ী চলাই আহিছে যদিও এইক্ষেত্ৰত মৌন বিধায়ক সুৰেণ ফুকন ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷

শদিয়াৰ লক্ষীপথাৰ বনাঞ্চলৰ ধ্বংস যজ্ঞ

By

Published : Aug 25, 2019, 4:43 PM IST

Updated : Aug 25, 2019, 5:07 PM IST

শদিয়া, 25 আগষ্টঃ চোৰাং ব্যৱসায়ীৰ ক্ষেত্ৰত আপোচ কৰা নহ'ব বুলি সভাই সমিতিয়ে ভাষণৰ ফুলজাৰি মাৰি অহা বিজেপি চৰকাৰৰ কাৰ্যকালত বনাঞ্চলত চলিছে ধ্বংসযজ্ঞ ৷ বিজেপি বিধায়কৰ ঘৰৰ ওচৰতে চলিছে বন ধ্বংসৰ অভিযান ৷ স্থানীয় ৰাইজৰ অভিযোগ, ডিগবৈ বন সংমণ্ডল প্ৰাধিকাৰীৰ লক্ষীপথাৰ বন বিভাগৰ কাৰ্যালয়ৰ অধীনত থকা টিংৰাই বীট অফিচৰ অন্তৰ্গত লক্ষীপথাৰ বনাঞ্চলত যোৱা দুদিন ধৰি নিশা দুস্কৃতিকাৰীয়ে বহু কেইজোপা মূল্যবান হোলোং গছ কাটি নিয়ে। লক্ষণীয় বিষয় যে বনাঞ্চলৰ যি ঠাইত দূস্কৃতিকাৰীয়ে মূল্যবান গছ সমূহ কাটিছে সেই ঠাইৰ পৰা ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনৰ ঘৰ প্ৰায় ডেৰ / দুই কিলোমিটাৰ নিলগত ।

শদিয়াৰ লক্ষীপথাৰ বনাঞ্চলৰ ধ্বংস যজ্ঞ

ৰাইজৰ অভিযোগ সুদীৰ্ঘ দিন ধৰি বিধায়ক সুৰেণ ফুকনৰ বাসগৃহৰ সমীপৰ বনাঞ্চলৰ পৰা মাটি খনন, শিল, বালিৰ অবৈধ বেহাৰ লগতে ব্যাপক হাৰত মূল্যবান গছ কাটি এচাম লোকে ৰমৰমীয়া ব্যবসায়ী চলাই আহিছে যদিও এইক্ষেত্ৰত মৌন বিধায়ক সুৰেণ ফুকন ।

লক্ষীপথাৰ বনাঞ্চলৰ যি স্থানত এই মূল্যবান গছবোৰ কাটি তহিলং কৰিছে উক্ত স্থানত উপস্থিত হৈছিল গ্ৰীণ ৱাডছ ছচাইটি নামৰ এটা বেচৰকাৰী সংগঠন (NGO) ৰ সম্পাদক দেৱজিৎ মৰান সহ এটা সজাতী দল । সংগঠনটোৰ সম্পাদক গৰাকীয়ে অভিযোগ কৰা অনুসৰি বন বিভাগৰ প্ৰত্যক্ষ সহযোগ নাথাকিলে টিংৰাইৰ পৰা লক্ষীপথাৰ লৈ যোৱা মূল পথটোৰ দাঁতিতে নিশাটোৰ ভিতৰত মূল্যবান গছ কাটি নিবলৈ সাহস নকৰে ।

Last Updated : Aug 25, 2019, 5:07 PM IST

ABOUT THE AUTHOR

...view details