শদিয়া, 27 নৱেম্বৰঃ অসমত খিলঞ্জীয়া জনগোষ্ঠীক ঐক্যবদ্ধ কৰাৰ লক্ষ্যৰে পিতা-পুত্ৰৰ অভিনৱ পদক্ষেপ ৷ চাইকেল যাত্ৰাৰে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমুহক ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে যাত্ৰা পিতা-পুত্ৰৰ ৷ উল্লেখ্য যে, খিলঞ্জীয়া জনগোষ্ঠীয় গণচেতনা মহাসভা নামৰ সংগঠনটোৰ মুখ্য আহ্বায়ক অনুপ বৰুৱাই পুত্ৰ সমৰজিৎ বৰুৱাসহ 9 অক্টোৱৰত মায়ঙৰ পৰা আৰম্ভ কৰিছিল চাইকেল যাত্ৰা ৷ মায়ঙৰ পৰা আৰম্ভ কৰা যাত্ৰাত যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় হৈ মঙলবাৰে শদিয়াৰ কাকপথাৰত উপস্থিত হয় পিতৃ-পুত্ৰ ৷ অনুপ বৰুৱাই কাকপথাৰ অঞ্চলটোৰ বিভিন্ন সংগঠন তথা ৰাইজক সাক্ষাৎ কৰি ৰাজ্যখনত শান্তি সম্প্ৰীতি, সমন্নয়ৰ লগতে ভাষা সংস্কৃতিৰ ক্ষেত্ৰত সজাগতা অনাৰ উদ্দেশ্যে এই চাইকেল যাত্ৰা হাতত লোৱা বুলি ব্যক্ত কৰে ৷ ২০২০ চনৰ ১৫জানুৱাৰীত গুৱাহাটীত সামৰণি পৰিব উক্ত যাত্ৰাৰ ৷ অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমুহক একগোট কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰে অসমক কৰি অহা শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে পত্ৰিকা বিতৰণ কৰে পিতা-পুত্ৰই ৷ কাকপথাৰৰ পৰা বৃহস্পতিবাৰে দুয়ো উত্তৰ অসমৰ দিশে ৰাওনা হ’ব ৷
খিলঞ্জীয়া জনগোষ্ঠীক ঐক্যবদ্ধ কৰাৰ লক্ষ্যঃ পিতা-পুত্ৰৰ অভিনৱ পদক্ষেপ - Sadiya bicycle rally news
খিলঞ্জীয়া জনগোষ্ঠীয় গণচেতনা মহাসভা নামৰ সংগঠনটোৰ মুখ্য আহ্বায়ক অনুপ বৰুৱাই পুত্ৰ সমৰজিৎ বৰুৱাসহ 9 অক্টোবৰত মায়ঙৰ পৰা আৰম্ভ কৰিছিল চাইকেল যাত্ৰা ৷ ২০২০ চনৰ ১৫জানুৱাৰীত গুৱাহাটীত সামৰণি পৰিব উক্ত যাত্ৰাৰ ৷
খিলঞ্জীয়া জনগোষ্ঠীক ঐকবদ্ধ কৰাৰ লক্ষ্যঃপিতা-পুত্ৰৰ অভিনৱ পদক্ষেপ