ডুমডুমা,21 ফেব্ৰুৱাৰী: শদিয়াৰ এগৰাকী জ্যেষ্ঠ বিজেপি কৰ্মীক গুলীয়াই মৰাৰ ভাবুকি প্ৰদান ৷ বিধায়ক বলিন চেতিয়াৰ বাসগৃহৰ পৰা কোনো অজ্ঞাত লোকে ফোন কৰি প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপি কৰ্মী ঔম প্ৰকাশ উপাধ্যায়ে ।
উল্লেখ্য যে, শনিবাৰে শদিয়াৰ বিজেপি নেত্ৰী ৰুবী মণি বৰুৱাৰ নেতৃত্বত শান্তিপুৰৰ পৰা ধলালৈকে এক বাইক ৰেলী বাহিৰ কৰা হৈছিল । উক্ত বাইক ৰেলীত অংশগ্ৰহণ কৰিছিল জ্যেষ্ঠ বিজেপি কৰ্মী ঔম প্ৰকাশ উপাধ্যায়ে । এই ৰেলীত অংশগ্ৰহণ কৰাৰ সময়তেই উপাধ্যায়ক শদিয়াৰ বিধায়ক বলিন চেতিয়াৰ বাসগৃহৰ পৰা কোনো অজ্ঞাত লোকে ফোনযোগে গুলীয়াই মৰাৰ ভাবুকি প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰে জ্যেষ্ঠ বিজেপি কৰ্মীগৰাকীয়ে ৷