শদিয়া,9 জানুৱাৰীঃ সদৌ অসম আহোম সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় দ্বি-বাৰ্ষিক অধিবেশনখন ঐতিহাসিক শদিয়াৰ চপাখোৱাৰ সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা ক্ষেত্ৰত শুকুৰবাৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ।
অধিবেশন খনৰ কাৰ্যসূচী অনুসৰি শনিবাৰে পোৱা পতাকা উত্তোলনেৰে দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হয় । পতাকা উত্তোলন কৰে সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উমা কোঁৱৰে । উল্লেখযোগ্য যে, কাৰ্যসূচী অনুসৰি আজি পতাকা উত্তোলনৰ লগতে মৈদাম তৰ্পন আৰু ফুৰালুং পূজা আছিল যদিও বিশেষ কাৰণত মৈদাম তৰ্পন আৰু ফুৰালুং পূজা ১০ জানুৱাৰীলৈ পিছোৱাই দিয়া হয় বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে ।